ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ বাসিন্দাসকলক বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে আৰম্ভ কৰা প্রকল্পৰ কাম সম্পূর্ণ কৰাৰ সময় এতিয়াও সঠিকভাৱে নিৰূপণ কৰিব পৰা নাই চৰকাৰে৷ ২০১১ চনতে জাপানৰ প্রতিষ্ঠান জাইকাৰ সহযোগত আৰম্ভ কৰা দক্ষিণ–মধ্য গুৱাহাটীৰ বিশুদ্ধ খোৱাপানী যোগান প্রকল্পৰ পানী কেতিয়া গুৱাহাটীবাসীয়ে লাভ কৰিব তাক লৈ এতিয়াও দূৰ হোৱা নাই অনিশ্চয়তা৷ চৰকাৰ সলনি