২০২২ত মহানগৰীৰ প্রতি ঘৰে পাব বিশুদ্ধ খোৱাপানী

২০২২ত মহানগৰীৰ প্রতি ঘৰে পাব বিশুদ্ধ খোৱাপানী

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ বাসিন্দাসকলক বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে আৰম্ভ কৰা প্রকল্পৰ কাম সম্পূর্ণ কৰাৰ সময় এতিয়াও সঠিকভাৱে নিৰূপণ কৰিব পৰা নাই চৰকাৰে৷ ২০১১ চনতে জাপানৰ প্রতিষ্ঠান জাইকাৰ সহযোগত আৰম্ভ কৰা দক্ষিণ–মধ্য গুৱাহাটীৰ বিশুদ্ধ খোৱাপানী যোগান প্রকল্পৰ পানী কেতিয়া গুৱাহাটীবাসীয়ে লাভ কৰিব তাক লৈ এতিয়াও দূৰ হোৱা নাই অনিশ্চয়তা৷

চৰকাৰ সলনি হ’ল যদিও সম্পূর্ণ কৰিব নোৱাৰা পানী যোগান প্রকল্পটোৰ কাম–কাজ পৰিদর্শন কৰিবলৈ অৱশেষত গুৱাহাটীত উপস্থিত হ’ল ভাৰতস্থিত জাপানৰ ৰাষ্ট্রদূত সাতোশী ছুজুকি৷ তেওঁক সংগ দিলে বৈদেশিক পৰিক্রমা মন্ত্রী ড০ এছ জয়শংকৰে৷ কালি গুৱাহাটীত উপস্থিত হোৱা ছুজুকি আৰু ড০ জয়শংকৰে  দুপৰীয়াৰ ভাগত পানী যোগান প্রকল্পটো পৰিদর্শন কৰি কাম–কাজৰ বুজ লয়৷ অৱশ্যে পৰিদর্শন কৰাৰ অন্তত গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত ড০ জয়শংকৰে কয় যে এই পানী যোগান প্রকল্প অহাবছৰ সম্পূর্ণ কৰা হ’ব৷ একেদৰে এই প্রকল্পটো ৰূপায়ণৰ ক্ষেত্রত সৃষ্টি হোৱা প্রতিবন্ধকতাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰা হ’ব৷

পানী যোগান প্রকল্পটো পৰিদর্শন কৰি সন্তুষ্টি প্রকাশ কৰে জাপানৰ ৰাষ্ট্রদূতগৰাকীয়ে৷ ইয়াৰ বিপৰীতে তৰল মন্তব্যৰে ৰাজ্য চৰকাৰৰ ব্যর্থতা ঢ়াকিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ’ল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যক৷ ড০ এছ জয়শংকৰ আৰু সাতোশী ছুজুকিক সংগ দিয়া মন্ত্রী ভট্টাচার্যই সংবাদ মাধ্যমৰ আগত কয় যে ক’ভিডৰ বাবেহে প্রকল্পটোৰ কাম–কাজৰ বিলম্ব হৈছে৷ ক’ভিডৰ দৰে আন প্রাকৃতিক দুর্যোগ নহ’লে ২০২২ চনৰ জুলাইত প্রকল্পটো সম্পূর্ণ কৰা হ’ব বুলি ভট্টাচার্যই জানিবলৈ দিয়ে৷

অৱশ্যে ২০১৭ চনতে সম্পূর্ণ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা প্রকল্পটোৰ কাম মন্ত্রীগৰাকীয়ে প্রকাশ কৰাৰ দৰেই অহাবছৰ সম্পূর্ণ হ’বনে নহয়, তাক লৈ মহানগৰবাসীৰ মনত প্রশ্ণ উত্থাপন হৈছে৷ উল্লেখ্য যে বৈদেশিক পৰিক্রমা মন্ত্রী হিচাপে প্রথমবাৰলৈ অসমলৈ অহা ড০ এছ জয়শংকৰে আজি পুৱা কামাখ্যা মন্দিৰ দর্শন কৰে৷ ভাৰতস্থিত জাপানৰ ৰাষ্ট্রদূতগৰাকীয়েও মা কামাখ্যাৰ আশিস লয়৷ ড০ জয়শংকৰ আৰু ছুজুকিক কামাখ্যা দর্শনৰ সময়ত সংগ দিয়ে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

Source- Niyomiybarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related