ঘৰুৱা–বাণিজ্যিক বিদ্যুতৰ মাচুল প্রতি ইউনিটত ২০ পইচাকৈ হ্রাস

ঘৰুৱা–বাণিজ্যিক বিদ্যুতৰ মাচুল প্রতি ইউনিটত ২০ পইচাকৈ হ্রাস

নির্বাচনৰ পূর্বে ৰাজ্যবাসীলৈ এক বৃহৎ সকাহ আগবঢ়াইছে অসম চৰকাৰে৷ জানুৱাৰীৰ পৰা মার্চ মাহ পর্যন্ত প্রতিটো পৰিয়ালে ৩০ ইউনিটকৈ বিজুলী বিনামূলীয়াকৈ লাভ কৰাৰ পাছত এপ্রিলৰ পৰা হ্রাস পাব বিদ্যুৎ মাচুল৷ অসম বিদ্যুৎ নিয়ামক আয়োগে আজি এক জাননীৰ জৰিয়তে এই কথা প্রকাশ কৰিছে৷ অহা ১ এপ্রিলৰ পৰা কার্যকৰী হ’বলগীয়া নতুন নিৰিখ অনুসৰি ঘৰুৱা আৰু বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্রত প্রতি ইউনিটত বিদ্যুৎ মাচুল ২০ পইচাকৈ হ্রাস পাব৷ আন আন ক্ষেত্রতো এই মাচুল প্রতি ইউনিটত ১৫ পইচাকৈ হ্রাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ অৱশ্যে নতুন নিৰিখত স্থিৰ মাচুলৰ কোনোধৰণৰ সালসলনি নহয়৷

উল্লেখ্য যে ৫ কিলোৱাটৰ তলৰ শক্তিসম্পন্ন ঘৰুৱা সংযোগৰ ক্ষেত্রত ১২০ ইউনিট পর্যন্ত বিদ্যুতৰ মাচুল আছিল ৫.১০ টকা প্রতি ইউনিটত, ১২০ৰ পৰা ২৪০ ইউনিট পর্যন্ত ৬.৩৫ টকা আৰু অন্যান্য ব্যৱহাৰকাৰীৰ ক্ষেত্রত ৭.৩৫ টকা৷ পৰৱর্তী ১ এপ্রিলৰ পৰা এই মাচুল হ’ব প্রতি ইউনিটত ক্রমে ৪.৯০ টকা, ৬.১৫ টকা আৰু ৭.১৫ টকা৷ একেদৰে ৫ৰ পৰা ২৫ কিলোৱাট শক্তিসম্পন্ন ঘৰুৱা সংযোগৰ ক্ষেত্রত প্রতি ইউনিটৰ মাচুল হ’ল ৬.৯৫ টকা৷ এই মাচুলো ৬.৭৫ টকালৈ হ্রাস পাব৷ আনহাতে, ০.৫ কিলোৱাটৰ পৰা ২৫ কিলোৱাট শক্তিসম্পন্ন সংযোগৰ ক্ষেত্রত বাণিজ্যিক ব্যৱহাৰকাৰীৰ বর্তমানৰ মাচুল প্রতি ইউনিটত ৭.৪০ টকাৰ পৰা ৭.২০ টকালৈ হ্রাস পাব৷ ইয়াৰ বাহিৰে আন সাধাৰণ ব্যৱহাৰৰ ক্ষেত্রত প্রতি ইউনিটত বিদ্যুতৰ বর্তমানৰ নিৰিখ হ’ল ৬.৩০ টকা৷ এই মাচুল ১৫ পইচাকৈ হ্রাস কৰাৰ ফলত নতুন নিৰিখ হ’ব ৬.১৫ টকা৷

চৰকাৰী প্রাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ক্ষেত্রতোএকেই ৰেহাই প্রযোজ্য হ’ব৷ কৃষিখণ্ডত ২৫ কিলোৱাট শক্তিসম্পন্ন সংযোগৰ ক্ষেত্রত এতিয়াৰ মাচুল প্রতি ইউনিটত ৪.৪৫ টকাৰ পৰা ৪.৩০ টকালৈ হ্রাস পাব৷ ৰাজহুৱা স্থানৰ লাইটিঙৰ মাচুলো ৬.৪০ টকাৰ পৰা ৬.২৫ টকালৈ হ্রাস পাব৷ গ্রাম্য ক্ষুদ্র উদ্যোগৰ ক্ষেত্রত প্রতি ইউনিটৰ বর্তমানৰ মাচুল ৪.৯০ টকাৰ পৰা ৪.৭৫ টকালৈ, নগৰীয়া ক্ষুদ্র উদ্যোগৰ ক্ষেত্রত ৫.১৫ টকাৰ পৰা ৫ টকালৈ হ্রাস পাব৷ অস্থায়ী ঘৰুৱা সংযোগৰ বর্তমানৰ মাচুল হ’ল ৯.২৪ টকা, অস্থায়ী বাণিজ্যিক সংযোগত প্রতি ইউনিটত আদায় দিব লাগে ১১.৩৪ টকাকৈ৷ পহিলা এপ্রিলৰ পৰা এই মাচুল ১৫ পইচাকৈ হ্রাস পাব৷

ইয়াৰ বাহিৰেও ২৫ কিলোৱাটৰ ওপৰৰ ঘৰুৱা আৰু বাণিজ্যিক সংযোগ, ৰাজহুৱা পানী যোগান প্রকল্প, শৈক্ষিক প্রতিষ্ঠান, ক্ষুদ্র উদ্যোগ, গুৰু উদ্যোগ, চাহ উদ্যোগ, তেল আৰু কয়লা উদ্যোগ, জলসিঞ্চন প্রকল্প, ইলেক্ট্রিকেল বাহন চার্জিং ষ্টেচন সকলোৰে ক্ষেত্রত প্রতি ইউনিটৰ বিদ্যুৎ মাচুল ১৫ পইচাকৈ হ্রাস পাব৷ উল্লখ্য যে শেহতীয়া কেবিনেট বৈঠকত জানুৱাৰীৰ পৰা মার্চ পর্যন্ত প্রতিটো পৰিয়ালক ৩০ ইউনিটকৈ বিদ্যুৎ ৰেহাইৰ সিদ্ধান্ত লোৱা হৈছিল৷ ইয়াৰ পাছত পৰৱর্তী এপ্রিলৰ পৰাও বিদ্যুৎ মাচুল হ্রাসৰ ঘোষণা জনসাধাৰণৰ বাবে বৃহৎ সকাহ হিচাপে বিবেচিত হৈছে৷

source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related