কোৰোণাত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া, সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি

কোৰোণাত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া, সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি

এইবাৰ কোৰোণাত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া। পিছত স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটাত, অভিনেত্ৰীগৰাকীক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। কেইদিনমান পূৰ্বে অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃ আক্ৰান্ত হৈছিল কোৰোণাত।

উল্লেখযোগ্য যে,সম্প্ৰতি এখন ৱেব চিৰিজৰ শ্বুটিঙৰ বাবে হায়দৰাবাদত আছিল অভিনেত্ৰীগৰাকী। কিন্তু শ্বুটিংস্থলীত কোৰোণা পৰীক্ষা কৰোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ কোৰোণাৰ ৰিপৰ্ট নিগেটিভ আহিছিল। কিন্তু পিছত শ্বুটিং স্থলীতে অসুস্থ হৈ পৰে অভিনেত্ৰীগৰাকী। আৰু দেহত কোৰোণাৰ লক্ষণে দেখা দিয়ে।

লগে লগে অভিনেত্ৰীগৰাকীক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰু কোৰোণা পৰীক্ষাৰ অন্তত অভিনেত্ৰীগৰাকীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে।

GTM Desk

Related