মালবাহী বাহনত শ্ৰমিক অনা-নিয়া বন্ধ কৰাৰ দাবীত চাহ জনজাতি মহিলা সমিতিৰ অৱস্থান ধৰ্মঘট

1 min read

মৰিয়নি আঞ্চলৰ বিভিন্ন চাহ বাগিচা ,ইটাভাতাৰ লগতে বিভিন্ন উদ্যোগত কাম কৰিবৰ বাবে শ্ৰমিকসকলক প্ৰায়েই মালবাহী বাহনত অনা-নিয়া কৰা দেখা যায় । পুৰুষ মহিলা উভয় শ্রমিকক মালবাহী ট্রাক, মিনি ট্রাক, ট্ৰেক্টৰ আদিত গৰু ছাগলীৰ দৰে অনা নিয়া কৰা পৰিলক্ষিত হৈ আহিছে । এনেকৈ শ্রমিক অনা নিয়া কৰাৰ ফলত পূৰ্বে একাধিক দূৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ পাছতো এই বাগিচা আৰু ইটাভাতাৰ মালিক পক্ষ অথবা ঠিকাদাৰ সকলে ট্ৰাক বা ট্ৰেক্টৰত উঠাই মানুহ অনা নিয়া কৰি আছে । অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই ইয়াৰ বিৰুদ্ধে যথেষ্ট সৰৱ হোৱাৰ পিছত কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও সম্প্ৰতি পুনৰ তেনেদৰেই নীতি বহিৰ্ভূতভাৱে মালবাহী বাহনত শ্ৰমিক অনা নিয়া কৰিয়েই আছে । শেহতীয়াকৈ বিগত ১৯ মে’ত খন তেনেদৰে শ্ৰমিক উঠাই অনা এখন বলেৰ’ পিক আপ বাহন নকছাৰীৰ সমীপৰ খাতিসোনা অঞ্চলত দুৰ্ঘটনাত পতিত হোৱাৰ ফলত প্ৰায় ৩৫ গৰাকী শ্ৰমিক কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল । এই ঘটনাই তীব্ৰ প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল । আটছাৰ মৰিয়নি শাখাই এই সন্দৰ্ভত বাহনখনৰ গৰাকীৰ লগতে ৰাজৈ চাহ বাগিচাৰ সহকাৰী পৰিচালকৰ বিৰুদ্ধে মৰিয়নি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । তাৰোপৰি যোৰহাট জিলাৰ উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰি এইদৰে মালবাহী বাহনত শ্ৰমিক অনা নিয়া বন্ধ কৰাৰ দাবী জনিছিল । আনহাতে, আটছাৰ ভগ্নী সংগঠন অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ ‘আটৱা’ৰ মৰিয়নি শাখাই দিহিঙীয়াপাৰ চাহ বাগিচাৰ সমীপত ধোদৰ আলিৰ কাষত দুঘন্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্রতিবাদ সাব্যস্ত কৰে। মালবাহী বাহনত শ্ৰমিক অনা নিয়া কাম শীঘ্ৰেই বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাই মৰিয়নি ৰাজহ চক্ৰ বিষয়া অসীম বৰগোঁ‌হাইৰ জৰিয়তে যোৰহাট জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰত কোনো কাৰণতেই যাতে শ্ৰমিক যোগান ধৰা ঠিকাদাৰে মালবাহী বাহনত শ্ৰমিক অনা নিয়া কৰিব নোৱাৰে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । আনহাতে, চাহ বাগিচাসমূহত থকা নথি পথ নথকা বাহন সমূহৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে । আটছাৰ মৰিয়নি শাখাৰ সহযোগত অনুষ্ঠিত হোৱা এই এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আটছা কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য মঙ্গল গৰাইত, জিলা উপসভাপতি দীপক তাঁতী, মৰিয়নি শাখাৰ সভাপতি বন্ধন গোৱ৷লা, সম্পাদক দীনেশ চাহু, জেষ্ঠ সদস্য সন্তোষ মহাৰাণা, প্রাক্তন আটছা নেতা তথা চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ যোৰহাট জিলা সমিতিৰ সম্পাদক দীনেশ গঞ্জু, চাহ জনজাতি মহিলা সমিতি মৰিয়নি শাখাৰ সভানেত্ৰী উষা কুর্মী, সম্পাদিকা জ্যোতিকুশল দাস, উপ-সভানেত্ৰী মন্দিৰা গঞ্জু, দিহিঙীয়াপাৰ চাহ বাগিচাৰ চাহ মজদুৰ সংঘৰ নেতা মাংৰু মিৰ্দ্ধা, কাৰ্তিক গোৱালা আদি বহুসংখ্যক নেতা কৰ্মী উপস্থিত থাকে ।

You May Also Like

More From Author