ছাত্ৰীক অশ্লীল মেছেজ কৰি ৰঙাঘৰৰ আলহী হিন্দী ছাৰ

0 min read

নগাঁৱত ছাত্ৰীক অশালীন মেচেজ দি ৰঙাঘৰৰ আলহী হ’ল খ্ৰাইষ্ট জ্যোতি হাইস্কুলৰ শিক্ষক। এইবাৰ চৰ্চাত নগাঁৱৰ খ্ৰাইষ্ট জ্যোতি স্কুল৷ শুকুৰবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খ্ৰাইষ্ট জ্যোতি স্কুলৰ শিক্ষক তুন্না আজমক৷ বিদ্যালয় কৰ্তৃপক্ষৰ লিখিত অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিদ্যালয়খনৰ হিন্দী বিভাগৰ শিক্ষক তুন্না আজমক ৷ গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানি বিদ্যালয়খনৰে এগৰাকী ছাত্ৰীক ম’বাইলত অশ্লীল মেছেজ দিয়াৰ পাছত ছাত্ৰীগৰাকীয়ে শিক্ষকগৰাকীৰ বিৰুদ্ধে বিদ্যালয়ত অভিযোগ কৰে৷ ছাত্ৰীগৰাকীৰ অভিযোগৰ পাছতেই বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকগৰাকীৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী নিৱেশত লিখিত অভিযোগ দাখিল কৰে আৰু নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষকগৰাকীক ৷ শিক্ষকগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে নগাঁও সদৰ আৰক্ষী নিৱেশত পকচ’ আইনৰ অধীনত ৰুজু হৈছে ১২৪৮/২২ নম্বৰৰ এটা গোচৰ৷ উল্লেখযোগ্য যে এই ঘটনাৰ পাছতেই তুন্না আজমে ইস্তফা দিছে নিজৰ পদবী ৷

You May Also Like

More From Author