টীয়কৰ মেলেংচিগাত পানীত পৰি নিহত এজন…

টীয়কৰ মেলেংচিগাত পানীত পৰি নিহত এজন…

 

টীয়কৰ প্ৰতিবেদক ২৬ জুন /২৩

টীয়কৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজীমুখ মেলেংচিগাত পানী পৰি সলিল সমাধি এজনৰ।প্ৰাপ্য তথ্য মতে বাবুল দাস নামৰ এজন ব্যক্তিয়ে মাছ ধৰিবলৈ জাঁজীনদী লৈ বুলি যাওতে উক্ত ঘটনা সংঘটিত হৈছে।মৃত ব্যক্তিজনৰ ঘৰ ভিতৰ কলিলা গাৱত আৰু বয়স প্ৰায় ৫৩ বছৰ বুলি জানিব পৰা গৈছে। ইপিনে ঘটনাস্থলীত লাহদৈগড় আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ব্যৱস্থা কৰিছে।

GTM Desk