Advertisement

চটাইত পুখুৰী সিঁচোতে ওলাল পিষ্টল।

চটাইত পুখুৰী সিঁচোতে ওলাল পিষ্টল।

লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত চটাই ঘৰফলীয়াত আজি মাছ ধৰাৰ উদ্দেশ্যে সিঁচা এটা পুখুৰীত এটি পুৰণি পিষ্টল পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় ৷ জানিব পৰামতে গাঁওখনৰ কেইজনমান যুৱকে আজি গাঁৱৰে এটা পুখুৰী সিঁচি মাছ ধৰি থাকোতেই বোকাত এটা মামৰে ধৰা পিষ্টল প্ৰত্যক্ষ কৰে ৷ আচম্বিত হৈ যুৱককেইজনে স্হানীয় লাহদৈগড় আৰক্ষীক বিষয়টো অৱগত কৰে ৷ লগে লগে লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গুনীন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ পিষ্টলটো চীজ কৰি আৰক্ষী চকীলৈ লৈ আহে ৷ এই সন্দৰ্ভত আৰক্ষী বিষয়াজনৰপৰা জানিব পৰামতে পিষ্টলটো পইন্ট ২.২ বুলি সন্দেহ কৰা হৈছে আৰু ইয়াৰ লগতে কাৰ্টিজবিহীন মেগজিনো পোৱা গৈছে ৷ পূৰ্বে কোনোৱে হয়তো নিজক বচাবৰ বাবে মৰণাস্ত্ৰটো পুখুৰীত পেলাই দিছিল আৰু পিষ্টলটোৰ অৱস্থালৈ চাই ইয়াক কেইবাবছৰ আগতে পেলোৱা বুলি সন্দেহ কৰা হৈছে।

Shahnawaz Hamza

Related