টীয়ক প্ৰেছ ক্লাবৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন; ড° অকণ চন্দ্ৰ শইকীয়াক টীয়ক গৌৰৱ বঁটা।
টীয়ক প্ৰেছ ক্লাবৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি টীয়কৰ শিক্ষক ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা স্মৃতি তৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰ্মলেন্দু পাঠক আৰু চক্ৰ বিষয়া সৌভিক ভুঞাই। মুল কাযসূচী উদ্ধোধন কৰে যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তই।
ইয়াৰ পিছতেই সংগীত শিল্পী শিক্ষক অশোক বৰাৰ মঙ্গলাচৰনে সভাৰ কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানটোতে টীয়ক প্ৰেছ ক্লাবে প্ৰৱৰ্তন কৰি অহা “টীয়ক গৌৰৱ” বঁটা ২০২৩ বৰ্ষৰ বাবে প্ৰদান কৰা হয়, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সংস্কৃত পণ্ডিত ড° অকণ চন্দ্ৰ শইকীয়াক। বঁটাটি প্ৰদান কৰে জিলা উপায়ুক্ত পুলক মহন্তই সহযোগিতা আগবঢ়াই প্ৰেছ ক্লাবৰ সদস্য সকলে । এই বঁটাত আছে এখনি মান পত্ৰ, চেলেং, গামোচা আৰু স্মাৰক। টীয়ক প্ৰেছ ক্লাবে ২০২২ বৰ্ষৰ পৰা সদৌ অসম ভিত্তিত প্ৰদান কৰি অহা প্ৰয়াত সাংবাদিক বিজয় প্ৰকাশ বৰুৱা সোঁৱৰণী “অনুসন্ধান মূলক বঁটা” এইবাৰ লাভ কৰে কাৰ্বি আংলং জিলাৰ বোকাজানৰ সাংবাদিক নৰেন হাজৰিকাই। ইফালে টীয়ক প্ৰেছ ক্লাবৰ অকালতে হেৰাই যোৱা সতীৰ্থ সাংবাদিক মৃদুল বৰুৱা সোঁৱৰণীত প্ৰদান কৰা সদৌ অসম ভিত্তিত “গ্ৰাম্য সাংবাদিকতা বঁটা” লাভ কৰে উত্তৰ পশ্চিম যোৰহাটৰ সাংবাদিক অজন্ত কুমাৰ বৰাই। বঁটা প্ৰদান অনুষ্ঠানত বিজয় প্ৰকাশ বৰুৱা “অনুসন্ধান মূলক বঁটা” ৰ দাতা পৰিয়ালৰ হৈ বিশিষ্ট সাংবাদিক সঞ্জীৱ প্ৰকাশ বৰুৱাৰ লগতে প্ৰয়াত সতীৰ্থ সাংবাদিক মৃদুল বৰুৱাৰ পিতৃ, পত্নী, কন্যা, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকে। আনহাতে সমাজ জীৱনলৈ বিভিন্ন ধৰনে বৰঙণি আগবঢ়োৱাৰ বাবে টীয়কৰ সু-সন্তান বিশিষ্ট চিকিৎসক সঞ্জীৱ বৰুৱা, ভাৰতীয় ষ্টেট বেংক টীয়ক শাখাৰ প্ৰৱন্ধক দ্বীপজ্যোতি কলিতা,বৰচলা বাগিচাৰ সহ পৰিচালক দীপক কুৰ্মী আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক উক্ত অনুষ্ঠানতে প্ৰেছ ক্লাবৰ তৰফৰ সম্বৰ্ধনা জনোৱা হয়। টীয়ক প্ৰেছ ক্লাবৰ সভাপতি প্ৰান্তনু দত্তই আদৰণি ভাষন আগবঢ়োৱা আৰু সম্পাদক দিগন্ত হাজৰিকাই আঁত ধৰে। টীয়ক অঞ্চলৰ শতাধিক গন্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ বঁটা প্ৰদান পূৰ্বে অতনু ভট্টাচাৰ্য আৰু মিতালী দে’ৰ ‘গল্পকথা-গল্প আৰু সংগীতৰ যুগলবন্দী” শীৰ্ষক এক অনুষ্ঠানে উপস্থিত সকলোকে আপ্লুত কৰে।