20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

নগাঁৱৰ বটদ্ৰৱাত একল বিদ্যালয়ৰ প্ৰাক ফাকুৱা উদযাপন

Assamese Newsনগাঁৱৰ বটদ্ৰৱাত একল বিদ্যালয়ৰ প্ৰাক ফাকুৱা উদযাপন

নিউজ ব্যুৰ’,নগাঁও,৬মাৰ্চ:–অহা মঙলবাৰে ফাল্গু পূৰ্ণিমা । ফাকুৱাৰ প্ৰাক ক্ষণত নগাঁও জিলাৰ বটদ্ৰৱাত সম্প্ৰতি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে । ফাকুৱাৰ প্ৰাক মুহূৰ্তত ৰবিবাৰে বটদ্ৰৱাত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত তথা একল বিদ্যালয়ৰ সহযোগত প্ৰাক ফাকুৱা (প্ৰাক হোলী) উদযাপন কৰা হয় ।

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত বটদ্ৰৱাৰ একল বিদ্যালয়ৰ কণ কণ শিশু সকলৰ মাজত প্ৰাক হোলী উদযাপনেৰে এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হয় । বটদ্ৰৱাৰ ভেটিয়নী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আয়োজিত অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মাৰোৱাৰী মহিলা সন্মিলনৰ জ্যেষ্ঠ কাৰ্যকতা মনিতা মিট্টালে । একল বিদ্যালয়ৰ বটদ্ৰৱা শাখাৰ প্ৰমুখ তৃতীষা ভৰালীয়ে আঁত ধৰা অনুষ্ঠানটিত কণকণ শিশু সকলে প্ৰাৰ্থনা,সৰস্বতী বন্দনা,জ্যোতি সংগীত,বিষ্ণু ৰাভা সংগীত,কবিতা আবৃত্তি আদি মনোমোহা অনুষ্ঠান পৰিবেশন কৰে । অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ নগাঁও শাখাৰ সদস্যা ক্ৰমে শালিনী বগৰীয়া,সংগীতা গোৱেংকা,কুমুদ লোহিয়া,ৰিংকু গিডৰীয়া,অঞ্জু জাজোদীয়া,একল বিদ্যালয়ৰ আচাৰ্যা মমতা শইকীয়া,সংগীতা বৰদলৈকে আদি কৰি একল বিদ্যালয় সমিতিৰ সদস্যসকল উপস্থিতিত আয়োজিত অনুষ্ঠানটিত কণ কণ শিশুসকলক ফাকুৱাৰ ৰঙৰ উপৰি ফিচকাৰী, মিঠাইৰ টোপোলা আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও|

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!