25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষকৰ

Assamese Newsভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষকৰ

ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল কৰা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো দীৰ্ঘদিন ধৰি শিক্ষকতাৰ সৈতে জড়িত বহু শিক্ষকৰ জীৱনলৈ অমানিশা নামি আহিল।১৯৯৩ চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনে বৃহত্তৰ কলিয়াপানী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ একমাত্ৰ ভৰষা।বহুসংখ্যক দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী উক্ত বিদ্যালয়ত অধ্যয়ন কৰি আজি সমাজত প্ৰতিষ্ঠা লাভ কৰিছে।

লগতে বিগত কুৰিৰো অধিক বছৰ শিক্ষকৰ বৃত্তিটোক সেৱা হিচাপে লৈ শিক্ষকতা কৰি আহিছে কেইবাগৰাকীও শিক্ষকে।ইপিনে ভেঞ্চাৰ বিদ্যালয় বুলি এইবৰ্ষৰ বিনামূলীয়া কিতাপ পত্ৰও চৰকাৰে প্ৰদান নকৰাত পুৰনি কিতাপকে লৈ পাঠদান অশেষ কষ্টেৰে চলাই আছে শিক্ষকসকলে।সেয়ে চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মত প্ৰকাশ কৰিছে বিদ্যালয়খনত কৰ্মৰত শিক্ষয়ত্ৰীগৰাকীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!