সোণাৰিত হৃদ ৰোগত আক্রান্ত ফুলকুমলীয়া শিশুৰ চিকিৎসাৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্রীয়ে

সোণাৰিত হৃদ ৰোগত আক্রান্ত ফুলকুমলীয়া শিশুৰ চিকিৎসাৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্রীয়ে

কেইবাটাও চৰকাৰী আঁচনিৰ শুভাৰম্ভ কৰাৰ মানসেৰে আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত উপস্থিত হোৱা অসম চৰকাৰৰ স্বাস্থ্য, বিত্ত, লোকনির্মাণ, শিক্ষা আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পুনৰ প্রদর্শন কৰিলে মহানুভৱতা আৰু মানৱীয়তাৰ নিদর্শন৷ সোণাৰিৰ ৰজাপুখুৰীত চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ ভূমিপূজন অনুষ্ঠানৰ সভা সমাপ্ত হোৱাৰ পাছত যেতিয়া তেওঁ মঞ্চৰ পৰা নামি আহে, তেতিয়া কোলাত এটা ফুলকুমলীয়া শিশুক লৈ এগৰাকী মহিলাক কান্দি থকা প্রত্যক্ষ কৰে৷ লগে লগে মহিলাগৰাকীক তেওঁ ওচৰলৈ মাতি কাৰণ জানিব বিচৰাত মহিলাগৰাকীয়ে কয় যে তেওঁ সোণাৰি সমষ্টিৰ অন্তর্গত অসম–নাগালেণ্ড সীমান্তৰ ২নং লালতী পথাৰ অঞ্চলৰ অতি দৰিদ্র তথা দিন হাজিৰা কৰা নবীন গগৈৰ পত্নী মমিতা গগৈ৷ তেওঁৰ কোলাত থকা প্রায় আঢ়ৈ বছৰীয়া কন্যা সন্তান ৰিয়াই জন্মৰ পৰাই হূদ ৰোগত আক্রান্ত৷ অসমৰ ভিন্ন প্রান্তত তেওঁ চিকিৎসা কৰোৱায় যদিও চিকিৎসকে শিশুটিৰ স্বাস্থ্যৰ জটিলতা থকা বাবে অসমৰ বাহিৰত চিকিৎসা কৰাবলৈ পৰামর্শ দিয়ে৷ কিন্তু অতি ব্যয়বহুল হোৱা বাবে তেওঁ শিশুটিৰ চিকিৎসাৰ বাবে থমকি ৰ’ব লগা হৈছে৷ এই কথা শুনি মন্ত্রীগৰাকীয়ে শিশুটিক অসমৰ বাহিৰলৈ নি সম্পূর্ণ চিকিৎসাৰ দায়িত্ব নিজে লোৱা বুলি মহিলাগৰাকীক অৱগত কৰাৰ লগতে সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈক শিশুটিৰ সকলো নথি–পত্র সংগ্রহ কৰিবলৈ পৰামর্শ দিয়ে৷ মন্ত্রীগৰাকীৰ এই মহানুভৱাই সভাত উপস্থিত থকা সকলোৱে শলাগ লৈছে৷
Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related