১০ টকা হ্রাস পালে প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

1 min read

চলিত বর্ষত পাঁচবাৰকৈ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ পিছত প্রথমবাৰৰ বাবে প্রতিটো চিলিণ্ডাৰত হ্রাস কৰিলে ১০ টকা৷ ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডে আজি বিবৃতিযোগে প্রকাশ কৰা মতে এক এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ প্রতিটো এল পি জি চিলিণ্ডাৰৰ মূল্য ১০ টকা হ্রাস কৰা হৈছে৷ উল্লেখ্য যে আন্তর্জাতিক বজাৰত খাৰুৱা তেল আৰু পেট্র’লজাত সামগ্রীৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত পেট্র’ল–ডিজেল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰি থকা হৈছিল৷

সম্প্রতি ক’ভিড–১৯ৰ সংক্রমণ ইউৰোপ আৰু এছিয়াত বৃদ্ধি পাই থকাৰ শংকা আৰু ভেকচিনৰ পার্শ্ব প্রতিক্রিয়াক লৈ উদ্বিগ্ণতাৰ বাবে আন্তর্জাতিক বজাৰত খাৰুৱা তেল আৰু পেট্র’লজাত সামগ্রীৰ মূল্য মার্চৰ দ্বিতীয় পষেকৰ পৰা কিছু পৰিমাণে হ্রাস পাবলৈ ধৰিছে৷ এই পৰিপ্রেক্ষিততেই প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আজি নিশাৰে পৰা কার্যকৰী হোৱাকৈ ১০ টকা হ্রাস কৰা হৈছে৷ ঠিক তেনেদৰে পেট্র’ল আৰু ডিজেলৰ পাইকাৰী মূল্যও প্রতি লিটাৰত ক্রমে ৬১ আৰু ৬০ পইচা হ্রাস কৰা হৈছে৷ তাৎপর্যপূর্ণ যে পেট্র’ল আৰু ডিজেলৰ মূল্য আকাশলংঘী হোৱাৰ পিছত আই অ’ চি এলে আন্তর্জাতিক বজাৰৰ তুলনাৰে আজি কেইপইচামানকৈ হ্রাস কৰে৷
source- Niyomiyabarta

You May Also Like

More From Author