১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বয়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বয়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ৰাজ্যিক নিৰ্বাচন আয়োগে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি ২৫ নৱেম্বৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ২৬ নৱেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। ২৮ নৱেম্বৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ২৮ নৱেম্বৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা পাব। ১৭ ডিচেম্বৰৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটগ্ৰহণ কৰা হ’ব। পিছদিনা অৰ্থাৎ ১৮ তাৰিখে প্ৰয়োজন অনুসৰি পুনৰ ভোটগ্ৰহণ কৰা হ’ব। ১৯ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোট গণনা কৰা হ’ব। উল্লেখযোগ্য যে, মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলাত তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ ৩৬ টা পৰিষদীয় সমষ্টি আছে।

GTM Desk

Related