টকিঅ’ অলিম্পিক:১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস

টকিঅ’ অলিম্পিক:১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস

টকিঅ’ অলিম্পিকত ১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস।পঞ্জাবৰ পাটিয়ালাৰ ছাই কেন্দ্ৰত অনুষ্ঠিত হৈ থকা ফেডাৰেচন কাপ প্ৰতিযোগিতাত ‘ফলছ ষ্টাৰ্ট’ কৰাৰ বাবেই প্ৰতিযোগিতাখনৰ ১০০ মিটাৰ ইভেণ্টটোত সফল হ’ব নোৱাৰিলে হিমা দাসে।

অৱশ্যে হিমা দাসৰ হাতত আছে এতিয়াও আন এটা সুযোগ।২০২১ৰ টকিঅ’ অলিম্পিক গেমছৰ ২০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনৰ বাবে পুনৰ ছিন্থেটিক ট্ৰেকত নামিব দৌৰবিদ হিমা দাসে।

২০০ মিটাৰ ইভেণ্টত নিৰ্ধাৰিত সময়ৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰিব পাৰিলেই হিমা দাসে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব।

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.