কাইলৈ গৰু বিহুঃ হেঁপাহৰ উছৱৰ আনন্দত মতলীয়া চিৰি লুইতৰ দুয়োপাৰ

1 min read

অসমীয়াৰ প্রাণৰ উৎসৱ ৰঙালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ অহা বুধবাৰে ৰাজ্যজুুৰি পালন কৰা হ’ব গৰুবিহু৷ ইয়াৰ লগে লগে আৰম্ভ হ’ব ৰঙালী বিহুৰ পাৰভগা উছাহ৷ গৰুবিহুৰে আৰম্ভ কৰি ৰাজ্যবাসীয়ে সাত বিহুৰ পৰম্পৰা পালন কৰিব৷ ইতিমধ্যে ৰঙালী বিহুৰ প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ মানুহ বিহুৰ পুৱা আপোনজনক উপহাৰ দিবলৈ শিপিনীয়ে বৈ উলিয়াইছে ফুলাম বিহুৱান৷ পিঠা–পনা বনোৱাৰ বাবে আখলত ব্যস্ত হৈ পৰিছে গৃহিণী৷ ঢ়োল–পেঁপা–গগণাৰ শব্দত ৰজনজনাইছে আকাশ–বতাহ৷ মুঠতে হেঁপাহৰ উৎসৱৰ আনন্দ লহৰত উতলা হৈ পৰিছে লুইতৰ দুয়োপাৰ৷ গছ–লতা–বিৰিখে নিয়ম অনুযায়ীয়ে এক নতুন ৰূপ ধাৰণ কৰিছে৷ প্রকৃতিয়ে বিনন্দীয়া ৰূপত সাজোন–কাচোনেৰে সাজু হৈছে ব’হাগক আদৰিবলৈ৷ ভৰ দুপৰীয়া নির্জন হাবিৰ পৰা মৌমিঠা শব্দৰে চ’তৰ আৰম্ভণিৰ পৰাই কুলিৰ মাতে ব’হাগ অহাৰ বতৰা দিয়াৰ পাছতেই অসমীয়াৰ গা সাতখন–আঠখন হৈ পৰিছে৷ মহামাৰী ক’ৰোনাৰ আতংককো চেৰ পেলাই চৌপাশে বাজি ডঠিছে ঢ়োলৰ গুমগুমনি৷ জিলা ছাত্র সন্থাৰ লগতে বহুকেইটা অনুষ্ঠান–প্রতিষ্ঠানে গৰুবিহুৰ দিনাৰ পৰা সপ্তাহজোৰা ৰঙালীক আদৰাৰ প্রস্তুতি তুংগত তুলিছে৷

তদুপৰি নগৰখনৰ বাটে–ঘাটে দেখা গৈছে অনেক বতৰৰ ফল৷ বর্তমান বিলুপ্তপ্রায় হৈ পৰা নুনী, নগা টেঙা আৰু থেৰেজু এই আপুৰুগীয়া ফলকেইবিধে নগৰখনত বজাৰ দখল কৰাত স্বাভাৱিকতেই নতুন প্রজন্মৰ মাজত পুনৰ পৰিচয় লাভ কৰিছে৷ হেঁপাহৰ ৰঙালী বিহুৰ প্রাক্মুহূর্তত নগৰৰ বাটে–ঘাটে আন দিনা নেদেখা এক পৰিৱেশ সৃষ্টিৰে ক্ষুদ্র ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় সবল কৰি তোলাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ য’ত ঘৰখনত ব্যৱহূত বিছনা চাদৰখনৰ পৰা কাঁহী–বাটিলৈকে মানুহে ক্রয় কৰাৰ লগতে অসমীয়াৰ হিয়াৰ আপোন হেঁপাহৰ গামোচাখন নিজৰ তাঁতশালত বৈ বজাৰত বিক্রী কৰিবলৈ অহা পৰিলক্ষিত হৈছে৷ কিন্তু একে সময়তে বিভিন্ন কাপোৰৰ বিপণীত চালানী বাৰাণসী গামোচাই প্রশাসনৰ চকুত ধূলি দি থলুৱা গামোচা বুলি ৰাইজক ঠগি বিক্রী কৰাও পৰিলক্ষিত হৈছে৷

ইয়াৰ উপৰি বহু সংসৃকতিৱান ব্যক্তিয়ে ব’হাগতে মুক্তি দিবলৈ লৈছে বহুকেইটা বিহুগীতৰ এলবাম৷ শিৱসাগৰ নাট্য মন্দিৰত আক্রাম হুছেইনৰ পৰিচালনাৰে মুক্তি পাব ‘ব’হাগী’ আৰু ‘বৰুৱা মাষ্টৰৰ জীয়েক’ (অসমীয়া ৱেব ছবি)৷ এনে পৰিৱেশৰ মাজতেই হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ ভিন্নজনে, ভিন্ন অনুষ্ঠানে প্রস্তুতি তুংগত তুলিছে৷ ঠিক সেই সময়তেই ক’ভিডৰ সংক্রমণে চিন্তিত কৰি তুলিছে৷ বহুদিন বৰষুণ নোহোৱাৰ ফলত চৌদিশে ধূলিৰ ধুমুহাই আন এক প্রদূষিত পৰিৱেশ সৃষ্টি কৰিছে৷ চিকিৎসালয় আৰু নার্ছিং হোমত যোৱা এটা পষেকত বাঢ়িবলৈ ধৰিছে সাধাৰণ জ্বৰ আৰু পানীলগাজাতীয় ৰোগীৰ সংখ্যা৷ তদুপৰি একাংশই চিকিৎসকৰ পৰামর্শ গ্রহণ নকৰি ঔষধ প্রতিষ্ঠানৰ পৰাই দৰব সংগ্রহ কৰাও পৰিলক্ষিত হৈছে৷ এনেবোৰ পৰিৱেশৰ মাজত ৰঙালীক আদৰাৰ প্রস্তুতি যি চলি আছে, তাক অতি সাৱধানে আৰু নিজৰ স্বাস্থ্যৰ প্রতি নিজে সজাগ হোৱাকৈ হেঁপাহৰ ৰঙালীক আদৰিবলৈ স্বাস্থ্য বিভাগ আৰু প্রশাসনে আহ্বান জনাইছে৷
১৫ এপ্রিলত ৰঙালী বিহুৰ বন্ধ ঘোষণা কেন্দ্রীয় চৰকাৰৰ
অহা ১৫ এপ্রিলত অসমৰ কেন্দ্রীয় কর্মচাৰীসকলে লাভ কৰিব ৰঙালী বিহুৰ বন্ধ৷ আজি অনুষ্ঠিত কেন্দ্রীয় চৰকাৰৰ কল্যাণ সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ৰঙালী বিহুৰ বন্ধ প্রত্যাহাৰক লৈ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছিল৷

 

You May Also Like

More From Author