প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেম, শেষত গোপন ফটো ভাইৰেল কৰা ভাবুকিৰে ব্যৱসায়ীৰ পৰা লাখে-লাখে টকা লুটিলে মডেলে!

প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেম, শেষত গোপন ফটো ভাইৰেল কৰা ভাবুকিৰে ব্যৱসায়ীৰ পৰা লাখে-লাখে টকা লুটিলে মডেলে!

টিনা, পৰী নে জিনা? কি নাম দিম মাতিম…! যুৱতী এগৰাকী, নাম একাধিক! যুৱতীগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱাও অভিযোগো গুৰুতৰ। যুৱতীগৰাকী চিনাকি এগৰাকী মডেল!

কাহিনী হিন্দী ৱেব ছিৰিজৰ দৰে। প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেমৰ নাটক-অন্তৰংগ সময় আৰু গোপন ফটো ভাইৰেল কৰাৰ ভাবুকিৰে ব্লেকমেইলিং। মহানগৰীত পুনৰ পোহৰলৈ আহিছে হানি ট্ৰেপিঙৰ ঘটনা। এইবাৰ গুৱাহাটীৰ ব্যৱসায়ীক হানি ট্ৰেপিঙ কৰাৰ অভিযোগ এগৰাকী ছদ্মবেশী মডেলৰ বিৰুদ্ধে। ব্যৱসায়ীগৰাকীৰ গোপন ফটো ভাইৰলে কৰি মডেল যুৱতীগৰাকীয়ে ব্যৱসায়ীগৰাকী ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীগৰাকীয়ে।

ব্যৱসায়ীগৰাকীৰ অভিযোগ অনুসৰি ছদ্মবেশী মডেলগৰাকীয়ে ব্যৱসায়ীগৰাকীৰ পৰা ১২ লাখ টকা লুণ্ঠনো কৰিছে। বিগত এবছৰ ধৰি ব্যৱসায়ীগৰাকীৰ পৰা ব্লেকমেইলিং কৰি ধন লুণ্ঠন কৰি আছে ছদ্মবেশী মডেলগৰাকীয়ে। মডেল যুৱতীগৰাকীৰ সৈতে প্ৰথমে বন্ধুত্ব হৈছিল ব্যৱসায়ীগৰাকী, তাৰ পিছত লাহে-লাহে বন্ধুত্বৰ সম্পৰ্ক ৰূপান্তৰিত হৈছিল প্ৰেমলৈ। হয়টো দুয়ো পৰা কৰিছিল ৰঙীন সময়ো!

কিন্তু দিন বাগৰি যোৱাৰ পিছতে প্ৰেম আৰু পৰা কৰি অহা অন্তৰংগ সময়ে ব্যৱসায়ীগৰাকীৰ জীৱনলৈ নমাই আনিছে বিপদ। ব্যৱসায়ীগৰাকীৰ গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ ভাবুকিৰে মডেলগৰাকীয়ে ব্যৱসায়ীগৰাকীক কৰিছে ব্লেকমেইলিং। ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যৱসায়ীগৰাকীয়ে।

জানিব পৰা অনুসৰি কেৱল এগৰাকীয়ে নহয় বহুকেইগৰাকী যুৱতী জড়িত আছে এই চক্ৰটোৰ সৈতে। বহুকেইগৰাকী যুৱতীয়ে এই চক্ৰটোৰ হৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

টিনা, পৰী, জিনা আদি বিভিন্ন নামেৰে পৰিচয় দিয়াৰ অভিযোগ যুৱতীগৰাকীৰ বিৰুদ্ধে। ব্লেকমেইলিং কৰি লাখে-লাখে টকা সৰকোৱাৰ লগতে আই ফোন পৰ্যন্ত ক্ৰয় কৰি লৈছিল যুৱতীগৰাকীয়ে। বিভিন্ন প্ৰতিস্থিত ব্যৱসায়ীক টাৰ্গেট কৰাৰ অভিযোগ মডেল যুৱতী গেংটোৰ বিৰুদ্ধে। জানিব পৰা অনুসৰি মাহে-মাহে ভাড়াঘৰ সলাই থাকে অভিযুক্ত যুৱতীকেইগৰাকীয়ে। লক্ষ্যণীয়ভাৱে এতিয়াও যুৱতীগৰাকীক বিচাৰি পোৱা নাই আৰক্ষীয়ে।

GTM Desk

Related