কিন্নৰৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ শীঘ্রে টাস্ক ফ’ৰ্চ

0 min read

 ৰাজ্যত পাঁচ সহস্রাধিক ভুৱা কিন্নৰ আছে৷ ইয়াৰে প্রায় ৮০০ কিন্নৰে গুৱাহাটীৰ বিভিন্ন স্থানত আশ্রয় লৈ ছিণ্ডিকেটৰাজ চলাই আছে৷ বিভিন্ন প্রান্তৰ পৰা অহা ভুৱা কিন্নৰক লৈ একাংশই ছিণ্ডিকেটৰাজ চলাই বিভিন্ন অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে৷ সেয়েহে ভুৱা কিন্নৰৰ ছিণ্ডিকেটৰাজৰ অৱসান ঘটাবলৈ ট্রেন্সজেণ্ডাৰ ৱেলফেয়াৰ ব’র্ডে শীর্ঘে এটা টাস্ক ফ’চ গঠন কৰিব৷

সোমবাৰে গুৱাহাটী প্রেছ ক্লাবত ব’ৰ্ডৰ বিষয়ববীয়াসকলে এক সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে৷ ট্রেন্সজেণ্ডাৰ ৱেলফেয়াৰ ব’ডৰ বিষয়ববীয়াসকলে সংবাদ মেলত উল্লেখ কৰা অনুসৰি ভুৱা কিন্নৰৰ সন্ত্রাস ৰুধিবলৈ গঠন কৰিবলৈ দিয়া টাস্ক ফ’চত ইণ্টেলিজেন্স ব্যুৰ’ৰ এজন বিষয়া অন্তর্ভুক্ত কৰা হ’ব৷

তদুপৰি কোনখন ৰাজ্যৰ পৰা এই ভুৱা কিন্নৰসকলে মহানগৰীত আশ্রয় লৈ ছিণ্ডিকেটৰাজ চলাই আছে এই সন্দর্ভত টাস্ক ফ’র্চে চোকা দৃষ্টি ৰাখিব বুলি স্বাতী বিধান বৰুৱাই সদৰী কৰে৷ পৰৱর্তী সময়ত ভুৱা কিন্নৰসকলে যাতে মহানগৰীত ছিণ্ডিকেটৰাজ চলাব নোৱাৰে আৰু অপ্রীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে গঠন হ’বলগীয়া টাস্ক ফ’র্চে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব বুলি ব’ডৰ বিষয়ববীয়াসকলে মন্তব্য কৰে৷

উল্লেখ্য যে দুদিন পূর্বে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ থানাৰ সন্মুখত কেইজনমান কিন্নৰে লখিমপুৰৰ অহা পতি–পত্নীক ধন বিচাৰি নির্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে৷ কিন্নৰৰ আক্রমণত আনকি দম্পতীটো হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছিল৷ তদুপৰি কিন্নৰৰ দলটোৱে আৰক্ষীৰ সৈতেও অশালীন ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷

You May Also Like

More From Author