মানৱ সৰবৰাহকাৰীৰ জালত অসমৰ যুৱতী…….

মানৱ সৰবৰাহকাৰীৰ জালত অসমৰ যুৱতী…….

প্ৰেম সম্পৰ্কৰ প্ৰস্তাৱ দি যুৱতীক মুম্বাইলৈ সৰবৰাহ কৰা দুই মানৱ সৰবৰাহকাৰী মহানগৰ আৰক্ষীৰ জালত ৷ মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰে পল্টনবজাৰ আৰক্ষীয়ে ৷ সৰবৰাহকাৰী দুজনৰ নাম আনোৱাৰ হুছেইন আৰু ৰাজশ ভাই পেটেল৷ এই দুই সৰবৰাহকাৰীয়ে মহাৰাষ্ট্ৰৰ লোকৰ হাতত বিক্ৰী কৰে অসমৰ যুৱতী ৷

শুকুৰবাৰেও সেই সূত্ৰে এগৰাকী যুৱতীক মহাৰাষ্ট্ৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল দুই দুৰ্বৃত্তই। মহানগৰীৰ বশিষ্ঠলৈ মাতি নিয়া হৈছিল যুৱতীগৰাকীক। আৰু তাতে যুৱতীগৰাকীক লগ কৰাৰ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আনোৱাৰ হুছেইন আৰু ৰাজশ ভাই পেটেলক ৷

উল্লেখ্য যে ২০২০ চনত ভুক্তভোগী যুৱতীগৰাকীক দুষ্টচক্ৰটোৱে লৈ গৈছিল মহাৰাষ্ট্ৰলৈ ৷ তাত লৈ গৈ ৰেড লাইট অঞ্চলত বিক্ৰী কৰা হৈছিল যুৱতীগৰাকীক৷ অৱশেষত মহাৰাষ্ট্ৰ আৰক্ষীৰ অভিযান উদ্ধাৰ হয় যুৱতীগৰাকী৷ উদ্ধাৰকৃত যুৱতীগৰাকীক গতাই দিয়া হৈছিল অসমৰ এটা স্বেচ্ছাসেৱী সংগঠনলৈ।

সেইগৰাকী যুৱতীক পুনৰ মহাৰাষ্ট্ৰলৈ লৈ যোৱাৰ পৰিকল্পনা দুই সৰবৰাহকাৰীৰ৷ যাৰ ভিক্তিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুয়োজনক৷ যদিওৱা এই পৰ্যন্ত মহাৰাষ্ট্ৰৰ পৰা অহা সৰবৰাহকাৰীৰ দলটো পলাতক৷ ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিয়ান৷ আৰক্ষীৰ অভিযানত নিশ্চয় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব দলটো।

GTM Desk