শালমইনা দূৰ কৰিবলৈ তুলসীৰ পাতৰ সৈতে মিহলি কৰি খাব লগা বিশেষ বস্তুবিধ

শালমইনা দূৰ কৰিবলৈ তুলসীৰ পাতৰ সৈতে মিহলি কৰি খাব লগা বিশেষ বস্তুবিধ

তুলসী বহুতো ঔষধি গুণাগুণৰ বাবে জনাজাত। ইয়াৰ ৰস পান কৰিলে চৰ্দি আৰু ফ্লুৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। তুলসীয়ে ছাল আৰোগ্য কৰাৰ লগতে ইয়াৰ এণ্টি-বেক্টেৰিয়া-প্ৰতিৰোধী গুণাগুণে ছালক শালমইনা আদিৰ পৰা সুৰক্ষিত কৰে। তুলসীৰ পাতৰ ফেচ মাস্ক মুখত প্ৰয়োগ কৰিলে মুখৰ ছাল উজ্জ্বল হৈ পৰে। ইয়াৰ লগতে শালমইনাৰ সমস্যাৰ সৈতে জড়িত লোকসকলে তুলসীৰ পাতৰ সৈতে কিছুমান বিশেষ বস্তু মিহলি কৰি প্ৰয়োগ কৰিলে সমস্যা গুৰিৰ পৰা আঁতৰ হ’ব।

~ তুলসী আৰু মৌ

তুলসী আৰু মৌৰ ফেচ মাস্ক তৈয়াৰ কৰিবলৈ প্ৰথমে তুলসীৰ পাতবোৰ মিহিকৈ পেষ্ট বনাই তাত কেইটোপালমান মৌ যোগ দিব। এতিয়া এই ফেচ মাস্ক মুখত প্ৰয়োগ কৰক। ইয়াক কমেও ২০ মিনিটৰ ৰাখক। তাৰ পিছত মুখখন পৰিষ্কাৰ পানীৰে ধুই পেলাব। ই মুখত উজ্জ্বলতা আনিব।

~ তুলসী আৰু এলোভেৰা

তুলসী পাতৰ সৈতে অলপ সতেজ এলোভেৰা জেলি যোগ দি পেষ্ট বনাই ল’ব। তাৰ পিছত কমেও ১৫ মিনিটৰ বাবে মুখত প্ৰয়োগ কৰক। তাৰ পিছত ইয়াক পৰিষ্কাৰ পানীৰে ধুই পেলাওক। এনেদৰে সপ্তাহত ২-৩ বাৰ কৰিলে কেইদিনমানতে মুখৰ উজ্জ্বলতা দেখিবলৈ পাব।

~ তুলসী আৰু বেচন

তুলসীৰ লগতে বেচন ছালৰ বাবে অতি উপকাৰী। ইয়াৰ বাবে তুলসীৰ লগতে বেচন পেষ্ট বনাই কেইটোপালমান গোলাপজন যোগ দিয়ক। তাৰ পিছত এই পেষ্টটো অলপ সময়ৰ বাবে মুখত লগাই শুকাই নোযোৱালৈ ৰাখক। যিসকলৰ শালমইনা আছে, এই ফেচ পেকটো তেওঁলোকৰ বাবে অতিকৈ উত্তম।

Shahnawaz Hamza

Related