নাৰীৰ দালালৰ পৰা দুগৰাকী কিশোৰী উদ্ধাৰ

1 min read

ক্ৰমাগতভাৱে ৰাজ্যত বহু অপৰাধী চক্ৰৰ সক্ৰিয়তাৰ তথ্য নিতৌ পোহৰলৈ আহিয়েই আছে ৷ একেদৰে নাৰী সৰবৰাহকাৰী চক্ৰটোৱেও ৰাজ্যৰ কিশোৰী, যুৱতী, মহিলা সকলক বিভিন্ন প্ৰলোভন কিম্বা বিবাহ আদিৰ প্ৰতিশ্ৰুতিৰে সময়ে সময়ে বহিঃ ৰাজ্যলৈ লৈ গৈ পণ্য সামগ্ৰীৰ দৰে বিক্ৰী কৰাৰ ঘটনাও নতুন নহয় ৷ শেহতীয়াকৈ এই চক্ৰটোৰ এটা অপৰাধী মোজাম্মিল হক ওৰফে বসু আৰক্ষীৰ জালত পৰিছে ৷

ধৃত বসুৱে চাকৰিৰ প্ৰলোভনেৰে কিশোৰী, যুৱতীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা কৰাৰ তথ্য পোহৰলৈ আহিছে । জানিব পৰা মতে, নগাঁৱৰ বটদ্ৰৱাৰ বসুৱে চাকৰিৰ প্ৰলোভনেৰে বহিঃ ৰাজ্যত কিশোৰী দুগৰাকীক বিক্ৰীৰ যো- জা কৰি আছিল । ইয়াৰ পিছত বটদ্ৰৱাতে কিশোৰী দুগৰাকীক ৰাখিছিল মুজ্জমিলে । ইফালে, নগাঁও চহৰৰ চিভিল গেইটৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰী দুগৰাকীক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰা অভিযানত উদ্ধাৰ হয় কিশোৰী দুগৰাকী ।

নগাঁও সদৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই সন্ধানহীন কিশোৰী দুগৰাকীক এইদৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী বাহিলীয়ে ইয়াৰ লগতে অভিযুক্ত মোজাম্মিল হক ওৰফে বসুকো আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত বসুৰ জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

You May Also Like

More From Author