পুলৱামা কাণ্ডৰ দুবছৰঃ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি দেশবাসীৰ

পুলৱামা কাণ্ডৰ দুবছৰঃ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি দেশবাসীৰ

আজি পুলৱামা আক্ৰমণৰ দুবছৰ সম্পূৰ্ণ হ’ল । বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল চিআৰপিএফৰ ৪০জনকৈ জোৱান । শ্বহীদ হৈছিল অসমৰ মনেশ্বৰ বসুমতাৰীয়ো।

এই আক্ৰমণত শ্বহীদ হোৱা প্ৰতিজন বীৰ জোৱানলৈ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমগ্ৰ দেশবাসীয়ে ।

এই দিনটোক স্মৰণ কৰি চিআৰপিএফেও টুইটযোগে শ্ৰদ্ধা জনাইছে ।

উল্লেখ্য যে শ্ৰীনগৰৰ পৰা জম্মুলৈ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৭৮ খন বাছেৰে প্ৰায় ২৫০০ জোৱান কঢ়িয়াই লৈ গৈ থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়, য’ত চি আৰ পি এফৰ জোৱান কঢ়িয়াই নিয়া এখন বাহনত বৃহৎ পৰিমাণৰ বিস্ফোৰক কঢ়িয়াই অনা এখন বাহনে খুন্দা মৰাৰ পাছতেই এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হৈছিল।

Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related