ওদালগুৰিৰ গিতিবাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিমাকুচী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গিতিবাৰী প্ৰাথমিক সমিতিৰ সহযোগত

ওদালগুৰিৰ গিতিবাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিমাকুচী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গিতিবাৰী প্ৰাথমিক সমিতিৰ সহযোগত

 

ওদালগুৰিৰ গিতিবাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিমাকুচী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গিতিবাৰী প্ৰাথমিক সমিতিৰ সহযোগত ১৮তম দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়৷ বিভিন্ন কাৰ্যসূচীৰে অনুস্থিত হোৱা দ্বি-বাৰ্ষিক অধিৱেশনত উপস্থিত থকা গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰ্জুন ছেত্ৰীয়ে গোৰ্খা জনগোষ্ঠীৰ উন্নয়নৰ হকে বিভিন্ন মন্তব্য আগবঢ়োৱাৰ লগতে চৰকাৰখনে গোৰ্খা জনগোষ্ঠীটোক যাতে প্ৰতাৰণা নকৰে তাৰ বাবে অনুৰোধ জনায় | ইয়াৰোপৰি উক্ত অনুষ্ঠানতে ডিমাকুছি আঞ্চলিক সমিতিৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় | সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰ্জুন ছেত্ৰী ৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিটিআৰ কাৰ্যবাহী সদস্য সঞ্জিত তান্তীৰ লগতে
গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সমিতি সমূহকে ধৰি
অন্যান্য দল সংগঠনৰ বিষয়ববীয়া সমূহ |

GTM Desk