গুপ্তচৰ দুই সদস্যক মৃত্যুদণ্ড আলফা স্বাধীনৰ

1 min read

আলফাৰ ভিতৰচ’ৰাত প্ৰৱেশ কৰি চোৰাংচোৱাগিৰি কৰি আৰক্ষীক অভ্যন্তৰীণ খবৰ প্ৰদান কৰাৰ লগতে সংগঠন-বিৰোধী কাম কৰাৰ অভিযোগত আজি সংগঠনটোৱে দুজন যুৱকক প্ৰাণদণ্ড বিহে৷ বৰপেটা জিলাৰ বৰপেটা টাউনৰ প্ৰয়াত উদ্ধৱ দাস আৰু প্ৰয়াত বীণা দাসৰ পুত্ৰ ধনজিৎ দাস ওৰফে ৰূপক অসম আৰু কামৰূপ¸ জিলাৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰ গাঁৱৰ মুনিন্দ্ৰ শৰ্মা আৰু প্ৰয়াত জুনু দেৱীৰ পুত্ৰ সঞ্জীৱ শৰ্মা ওৰফে ঋষৱ অসমক আজি মৃত্যুদণ্ড দিয়াৰ কথা আনুষ্ঠানিকভাৱে আলফাই [স্বাঃ] ঘোষণা কৰাৰ লগে লগে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হয়৷

উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে চোৰাংচোৰাগিৰি কৰিবলৈ গৈ আলফাৰ হাতত ধৰা পৰাৰ পাছত সংগঠনটোৱে তেওঁলোকৰ ভিডিঅ’ আৰু একে কাম কৰা কেইজনমান যুৱকৰ এখন তালিকা ৰাজহুৱা কৰিছিল৷ তেওঁলোক যে সংগঠনটোৰ বিচাৰৰ সন্মুখীন হৈ আছিল সেয়াও প্ৰকাশ কৰিছিল৷ তাৰ পাছতে তেওঁলোকৰ পৰিয়ালে দুয়োৰে প্ৰাণভিক্ষা কৰিছিল৷

কিন্তু ৰহস্যজনকভাৱে যি আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰিবলৈ গৈ দুয়োজন অসমীয়া যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল সেই আৰক্ষীয়ে তেওঁলোক ধৰা পৰাৰ পাছত উদ্ধাৰ কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি তেওঁলোকৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ সংগঠনটোৰ নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষ ব্ৰিগেডিয়াৰ এ জেদ শিৰোনাম অসমে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত বৰপেটাৰ ধনজিৎ দাসৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ আছিল যে যোৱা ২৪ এপ্ৰিলৰ দুপৰীয়া প্ৰায় ১২ বজাত ধনজিৎ দাস ওৰফে ৰূপক অসমে সংগঠনটোৰ শিবিৰত বিশেষ অভিযান চলি থকাৰ সময়ত পলায়ন কৰিছিল৷

পলায়ন কৰাৰ আগমুহূৰ্তত কেইবাজনো নতুন সদস্যক প্ৰলোভন দেখুৱাই আত্মসমৰ্পণৰ বাবে উচটনি দিয়াৰ গুৰুতৰ অভিযোগো উত্থাপন হয় যুৱকজনৰ বিৰুদ্ধে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ২৫ এপ্ৰিলত পলাতক ধনজিৎ সংগঠনৰ পহৰাৰত দল এটাৰ হাতত ধৰা পৰে৷

পাছত তেওঁক সংগঠনৰ প্ৰশাসনিক পৰ্যায়ত আৰু দায়িত্ববাহী বিষয়াৰ তত্ত্বাৱধানত সোধা-পোছাৰ লগতে তদন্ত আৰম্ভ কৰাত তেওঁ নিজৰ সকলো অপৰাধ স্বীকাৰ কৰে৷ আনহাতে, ধনজিতে সংগঠনত যোগদানৰ বাবে যোগাযোগ কৰি থকাৰ সময়ত একাংশ আলফাৰ [স্বাঃ] সমৰ্থক-শুভাকাংক্ষীক আৰক্ষী বিষয়াক গোপনে খবৰ দি ধৰাই দিয়াৰ দৰে একাধিক গুৰুতৰ অপৰাধত লিপ্ত থকাৰ কথাও স্বীকাৰ কৰে বুলি প্ৰকাশ কৰে৷

সেয়ে যোৱা মে’ত সংগঠনটোৰ বিচাৰত অভিযুক্ত ধনজিৎ দাসৰ স্বীকাৰোক্তি আৰু প্ৰমাণিত তথ্যৰ আধাৰত সকলো দিশ পৰ্যালোচনা কৰি সংগঠনৰ সংবিধানৰ বিচাৰ উপবিধি দফা-জ্ঝ ইউ পি চিৰ অনুচ্ছেদ [গ] অনুসৰি ষড়যন্ত্ৰমূলক আত্মসমৰ্পণৰ প্ৰচেষ্টা চলোৱা, প্ৰতিবিপ্লৱী কাৰ্যত লিপ্ত হোৱা আৰু আত্মসমৰ্পণৰ বাবে উচটনি দিয়াৰ লগতে সতীৰ্থক বিপথে পৰিচালিত কৰাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়৷

আনহাতে, সঞ্জীৱ শৰ্মা ওৰফে ঋষৱ অসমে সেনাবাহিনী আৰু আৰক্ষী বিষয়াৰ নিৰ্দেশত ধনৰ লালসাত চোৰাংচোৱা হিচাপে সংগঠনত যোগদান কৰি সংগঠনৰ অভ্যন্তৰীণ যোগাযোগ ব্যৱস্থা চিনাক্ত কৰি তাত আধুনিক যন্ত্ৰ সংস্থাপনেৰে খবৰ সৰবৰাহৰ ব্যৱস্থা সুচল কৰি দিয়া আৰু সামৰিক প্ৰশিক্ষণৰ পাছত সংগঠনৰ বিষয়া-সদস্যক হত্যাৰ দৰে গোপন অভিযান চলোৱাৰ অভিপ্ৰায়েৰে সদস্যভুক্তি হোৱাৰ কথা ধৰা পৰাৰ পাছত স্বীকাৰ কৰে৷

সেয়ে যোৱা মে’ত সংগঠনৰ বিচাৰত সংগঠনৰ সংবিধানৰ বিচাৰ উপবিধি দফা-জ্ঝ ইউ পি চিৰ বিশেষ অনুচ্ছেদ [২] অনুসৰি শত্ৰুৰ হৈ চোৰাংচোৱা কাৰ্যত লিপ্ত থকা আৰু গুপ্ত ষড়যন্ত্ৰ কৰাৰ গুৰুতৰ অপৰাধত দোষী সাব্যস্ত কৰি তেওঁকো মৃত্যুদণ্ডৰে দণ্ডিত কৰা বুলি ঘোষণা কৰে৷ লক্ষণীয়ভাৱে সদস্য দুজনৰ দোষ ক্ষমাৰ অযোগ্য বুলি প্ৰকাশ কৰি আজি পুৱা দুয়োকে একোটাকৈ গুলীৰে মৃত্যুদণ্ড কাৰ্যকৰী কৰা বুলি পৰৱৰ্তী পৰ্যায়ত সংবাদ মাধ্যমক আলফাৰ মুখ্য সেনাধ্যক্ষ তথা উচ্ছ সদনৰ সভাপতি পৰেশ বৰুৱাই প্ৰকাশ কৰে৷

প্ৰণিধানযোগ্য যে আলফাই সংগঠনৰ ভিতৰচ’ৰাত ছদ্মবেশী দেশপ্ৰেমিকৰ ভাও লৈ শত্ৰুৰ শ্ৰুতলিপি মতে সংগঠনক ক্ষতি কৰিব পৰা সংবিধান পৰিপন্থী কাৰ্যক জন্মলগ্নৰে পৰা জাতিদ্ৰোহী অপৰাধ হিচাপে গণ্য কৰি অহাৰ লগতে অনাগত দিনতো শূন্য সহনশীল নীতি বাহাল থাকিব বুলিও ঘোষণা কৰে৷ ইফালে, দুয়োজন যুৱকক প্ৰাণদণ্ড দিয়া সন্দৰ্ভত পৰেশ বৰুৱাই সংবাদ মাধ্যমক আজি কয় যে তেওঁৰ ওপৰত এইপৰ্যন্ত চাৰিবাৰকৈ প্ৰাণনাশৰ চেষ্টা কৰা হৈছে৷

বাংলাদেশত থকাৰ সময়ত তেওঁৰ ওপৰত জনৈক বায়ন উপাধিৰ এজন লোকৰ নেতৃত্বত হত্যাৰ চেষ্টা কৰা হৈছিল৷ সেইবাৰ তেওঁ কথমপি প্ৰাণৰক্ষা পৰিছিল বুলিও তেওঁ সদৰী কৰে৷ তেওঁৰ দুই পুত্ৰকো দুবাৰকৈ হত্যাৰ চেষ্টা কৰা বুলি তেওঁ কয়৷

তেওঁ কয় যে সঞ্জীৱৰ পৰিয়ালে প্ৰথমে তেওঁক চিনি নাপায় বুলি আৰু বিভিন্ন অকথ্য ভাষা ব্যৱহাৰ কৰি তেওঁ বিভিন্ন আইন-বিৰুদ্ধ কাম কৰিছিল বুলি প্ৰকাশ কৰিছিল৷ কিন্তু মাহীমাকৰ আজিৰ ভাষ্য শুনি তেওঁ আচৰিত হোৱা বুলিও কয়৷ আনহাতে, ধনজিতৰ বিৰুদ্ধে বৰপেটাৰ লোকেই বহু কথা প্ৰকাশ কৰে৷ ধনজিতে ধৰাই দিয়া লোকেও সেয়া আলফাৰ অৱগত কৰোৱা বুলি সংগঠনটোৰে মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সদৰী কৰে৷

You May Also Like

More From Author