ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নহয় আলফা স্বাধীনঃ পৰেশ বৰুৱা

0 min read

ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নহয় আলফা স্বাধীন। নতুন চৰকাৰক শলঠেকত পেলাবলৈ অসম আৰক্ষীৰ কোনো লোকৰ অথবা সেনাৰ লোক ইয়াৰ আঁৰত জড়িত থাকিব পাৰে। লগতে দুদিন পূৰ্বে জাগুনত গ্ৰেনেড বিস্ফোৰণত এটি শিশুৰ মৃত্যুৰ ঘটনাৰ লগতো আলফা স্বাধীন জড়িত নহয় বুলি স্পষ্ট কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। নিউজ লাইভৰ ছীফ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইনৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত এই কথা স্পষ্ট কৰে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষই।

ইপিনে ডিগবৈৰ টিংৰাই বজাৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ উদ্বেগ প্ৰকাশ। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কজ্যোতি মহন্তক দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

You May Also Like

More From Author