উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুষ্ট ৰূপঃ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত ১১ জন

উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুষ্ট ৰূপঃ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত ১১ জন

উত্তৰাখণ্ডত ৰুষ্ট প্ৰকৃতি। ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কেইবাটাও অঞ্চলত চলাইছে ব্যাপক ধ্বংসলীলা। জানিব পৰা মতে, এই দুৰ্ঘটনাত এই পৰ্যন্ত ১১ গৰাকীৰ মৃত্যু হোৱা লগতে আৱদ্ধ হৈ আছে ১৫০০ তকৈ অধিক লোক।

বুধবাৰে কেদাৰ উপত্যকাৰ লিনচোলিৰ সমীপৰ জাংগলচাট্টিত ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণ হয়। ফলত ৰামবাৰা সংযোগী পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ইয়াৰ পাছৰে পৰা জিলা প্ৰশাসনে নিৰন্তৰ উদ্ধাৰ অভিযান চলাই গৈছে।

আনহাতে, শুকুৰবাৰে পুৱা বায়ুসেনাৰ চিনুক আৰু এম আই-17 হেলিকপ্টাৰেৰে গৌচৰত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। এমআই-17-ৰ দ্বাৰা এটা ৰাউণ্ডত ১০ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি ভীমবালি আৰু লিনচোলিৰ পৰাও যাত্ৰীসকলক বিমানেৰে লৈ যায়। চৰাচৰিতো সেনাৰ উদ্ধাৰ অভিযান অব্যাহত আছে ।

উল্লেখ্য যে, কেদাৰনাথৰ পদযাত্ৰা পথৰ কেইবাটাও ঠাইত ভূমিস্খলন হোৱাত বিপদত পৰিছে যাত্ৰীসকল। প্ৰশাসন তথা চৰকাৰক সহায়ৰ আহ্বান ভু্ক্তভোগাীৰ।

GTM Desk