লংকাত শৃংখল চলিহাৰ প্ৰসংগক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

1 min read

হোজাই জিলাৰ লংকাৰ পিপলপুখুৰীত শৃংখল চলিহাৰ প্ৰসংগক লৈ দুই ফৈদৰ মাজত মাৰপিট ৷ মা কালী হোটেলৰ সম্মুখত সূত্ৰপাত হয় এই কাজিয়াৰ ৷ পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰাত আহত দুই পক্ষৰ কেইবাজনো লোক ৷ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা উদালিৰ আইনুল হক আৰু ৰুহুল ইছলাম নামৰ দুজন লোকক হাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ প্ৰাপ্ত তথ্য মতে উক্ত ঘটনাক কেন্দ্ৰ কৰি ভাঙি লণ্ডভণ্ড কৰা হৈছে ৰুহুল ইছলামৰ AS-01EL-6649 নম্বৰৰ বিলাসী গাড়ীখনো ৷

উল্লেখ্য যে, ঘটনাত আনটো পক্ষ অৰ্থাৎ মা কালি হোটেলৰ মালিক নয়ন সহ আহত হয় আন কেইবাজনো লোক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লয় ৷ ঘটনাত আঘাতপ্ৰাপ্ত হোৱা আইনুল হক আৰু ৰুহুল ইছলামে জনোৱা মতে মা-কালী হোটেলৰ স্বতাধিকাৰী নয়ন নামৰ যুৱকজনে কোনা কাৰণ নোহোৱাকৈ প্ৰথমে জাতিত ধৰি গালি-গালাজ কৰে ভাতৃদ্বয়ক ৷

তাৰ পাছতে, তঁহতে শৃংখল চলিকাক সমৰ্থন কৰ নেকিঠ বুলি প্ৰশ্ন উত্থাপন কৰি দুয়োকে মাৰপিট কৰে ৷ আহত ভাতৃদ্বয়ে জনোৱা মতে, মা কালি হোটেলৰ মালিক নয়ন নামৰ যুৱকজন এজন বেংগলী সম্প্ৰদায়ৰ লোক ৷ একমাত্ৰ চিলতীয়া ভাষা কোৱাৰ বাবেই দুয়ো ভাতৃকে নয়ন নামৰ যুৱকজন তথা তেঁওৰ সহযোগী সকলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃততে দুয়ো পক্ষৰ মাজত কি হৈছিল ৷ বৰ্তমান সময়ত আহত দুই ভাৃতৃয়ে স্পষ্টকৈ জনোৱা মতে, একমাত্ৰ চিলতীয়া ভাষা কোৱা আৰু মুছলমান হোৱাৰ বাবেই তেঁওলোক এনেদৰে আক্ৰমণৰ বলি হবলগীয়া হয় ৷

উল্লেখ্য যে, শেহতীয়াকৈ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাই বেংগলী সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা কিছু বিৰূপ মন্তব্যই বেংগলী সম্প্ৰদায়ৰ মাজত ক্ষোভৰ জুই জ্বলোৱা পৰিলক্ষিত হৈছে ৷ আনকি শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বঙালী সংগঠনসমূহে । ইয়াৰ মাজতে হোজাইত সংঘটিত হোৱা ঘটনাই পুনৰ এই বিষয়টোক অধিক প্ৰাসংগিক কৰি তুলিছে ৷

এই সন্দৰ্ভত অসম চৰকাৰ তথা অসম আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব ৷

You May Also Like

More From Author