Video-Illegal Sawmill Sealed -অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ গৈ ৰাইজৰ ৰোষত বন বিভাগৰ দল।

Video-Illegal Sawmill Sealed -অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ গৈ ৰাইজৰ ৰোষত বন বিভাগৰ দল।

নগাঁও জিলাৰ জুৰীয়া আলিটাঙনীত আজি পুৱা অবৈধ কাঠ ফলা মিল উচ্ছেদৰ বাবে গৈছিল নগাঁও সদৰ বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত বনবিভাগৰ এটা দল।কিন্তু একাংশ বন বিভাগৰ কৰ্মচাৰীয়ে মাহেকীয়া হিচাপত ধন লৈ অবৈধ ভাবে মিল চলাবলৈ অনুমতি দিয়াৰ অভিযোগ তুলি মিল জব্দ কৰা কাৰ্যত বাধা প্ৰদান কৰে একাংশ লোকে।আনকি বন বিভাগে জব্দ কৰি গাড়ীত উঠোৱা অবৈধ কাঠ ফলা মিলৰ সামগ্ৰী সমূহ পুনৰ নমাই অনাৰ চেষ্টা চলাই যদিও জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাইজে আৱদ্ধ কৰি ৰখা বন বিভাগৰ লোক সকলক আতৰাই নিবলৈ সক্ষম হয়।
জুৰীয়াৰ পৰা পদুম ভূঞা

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam