34.6 C
Assam
Sunday, May 28, 2023

Featured News

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

টাইমছ ফেশ্বন সপ্তাহত কেট-ৱক গুৱাহাটীৰ বিপাশাৰ

-অসম তথা উত্তৰ পূবৰ পৰা শ্ব’ ষ্টপাৰলৈ-টাইমছ...

মৰিগাঁও জিলাৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ল ভজাইখাইতি গাঁও

Assamese Newsমৰিগাঁও জিলাৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ল ভজাইখাইতি গাঁও

আগতীয়া বানে ৰাজ্য জুৰি ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰচাপৰি, ভজাইখাইতি গাঁৱত আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ। ফেনে-ফুটুকাৰে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ পানী। মানচিত্ৰৰ পৰা নাইকিয়া হ’ল ভজাইখাইতি গাঁও। মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ কালৰূপৰ বাবে হাহাকাৰ লাগিছে মৈৰাবাৰী অঞ্চলত। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰাৰ লগতে গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত  হাহাকাৰ নামি আহিছে অঞ্চলবাসীৰ মাজত। গৰাখহনীয়াৰ ফলত মহাবাহুৰ বুকুত বিলীন হৈছে ভজাইখাইতি গাঁও। ঘৰ-দুৱাৰ ভাঙি গঞা ঢাপলি মেলিছে নিৰাপদ স্থানলৈ। মৈৰাবাৰীত নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিছে খহনীয়াগ্ৰস্ত লোকসকলে। নিজে হাতেৰে বনোৱা ঘৰখন ভাঙি আবেগিক হৈ পৰিছে লোকসকল। যোৱা দুটা দিনত লুইতৰ বুকুত বিলীন হৈছে ভজাইখাইতি প্ৰাথমিক বিদ্যালয়ৰ লগতে মছজিদ আৰু অংগনবাদী কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ নদীয়ে কালৰূপ ধাৰণ কৰি এফালৰ পৰা মহটিয়াই নিয়া গাঁও দুখনৰ ৰাইজ ত্ৰাহিমধুসূদন সুৱৰিছে। কি হ’ব তেওঁ লোকৰ ভৱিষ্যৎ ক’ত বান্ধিব আকৌ এখন জুপুৰি। হাহাকাৰময় পৰিস্থিতি।

 

 

 

 

 

এক অবৰ্ণনীয় পৰিৱেশ। খহনীয়াৰ গৰাহত পৰি ইতিমধ্যে শতাধিক পৰিয়ালৰ লোক সৰ্বস্বান্ত হৈ পৰিছে। মৰিগাঁও জিলা জলসম্পদ বিভাগে জিঅ’বেগ, বাহ আদিৰে খহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰি আছে যদিও খহনীয়াৰ তাণ্ডব কমা নাই। দিনক দিনে বাঢ়িহে আছে। সেয়ে ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে নতুনকৈ শক্তিশালী ৰূপত কিবা ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!