প্ৰথমবাৰলৈ EVMত অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰ নিৰ্বাচন

প্ৰথমবাৰলৈ EVMত অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰ নিৰ্বাচন

ৰাজ্যৰ পৌৰ নিৰ্বাচনৰ দিন ঘোষণা।ৰাজ্যিক নিৰ্বাচনী আয়োগে সংবাদমেলৰ যোগে ঘোষণা কৰে নিৰ্বাচনৰ দিন।অহা ৬মাৰ্চত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব ৯মাৰ্চত।উল্লেখ্য যে ,প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিনত চমুকৈ ইভিএমত পৌৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।পূৰ্বতে বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হৈছিল পৌৰ সভা নিৰ্বাচন।
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ৪০খন পৌৰ সভাত অনুষ্ঠিত হ’ব নিৰ্বাচন।প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ শেষ সময় ১৫ফেব্ৰুৱাৰী।১৭ফেব্ৰুৱাৰীত প্ৰাৰ্থী মনোনয়ন পৰীক্ষা।মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২০ ফেব্ৰুৱাৰী।আয়োগে ঘোষণা কৰা মতে কঠোৰ কোভিড বিধি মানি অনুষ্ঠিত হ’ব নিৰ্বাচন।কোনো ৰাজনৈতিক দলে ৰ’ড শ্ব’ উলিয়াব নোৱাৰিব।ঘৰে ঘৰে গৈ প্ৰাৰ্থীয়ে চলাব পাৰিব প্ৰচাৰ।সৰ্বাধিক ১৫ জন উপস্থিত থাকিব পাৰিব প্ৰচাৰত।
ইফালে পৌৰ নিকায়ৰ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে  তৎকালীন ভাৱে আদৰ্শ নিৰ্বাচনী আচৰণ বিধি ৰাজ্যত কাৰ্যকৰী হৈছে- ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰে এই কথা।

GTM Desk