Watch This : What is going on in the name of Election Campaign.

1 min read

প্ৰথম পয্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলে তেওঁলোকৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অভিযান চলাইছিল যদিও অন্তিম দিনা ৰূপহীহাটত কংগ্ৰেছ দলৰ বাবে এক হতাশ জনক ছবিহে পোহৰলৈ আহিছে। অগপ আৰু এ আই ইউ ডি এফে জুৰীয়া খেলপথাৰত দুখন কৈ বিশাল নিৰ্বাচনী সভা আয়োজন কৰাৰ পিচত আজি কংগ্ৰেছ দলেও একে খন খেল পথাৰত এখন নিৰ্বাচনী সভা আয়োজন কৰিছিল ৷ সভা খনত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ প্ৰমুখ্যে কংগ্ৰেছৰ বহু কেইজন নেতা উপস্থিত হব বুলি উদ্যোক্তা সকলে ঘোষনা কৰিছিল। কিন্তু ভোটাৰ ৰাইজৰ সেৰেঙা উপস্থিতিৰ উমান পাই কোনো এগৰাকী নেতা উপস্থিত নহল। ভোটাৰ ৰাইজৰ পুতৌ লগা সহাৰিয়ে নিৰ্বাচনী ফলাফলত যেন এক প্ৰকাৰ পয়া লাগিল তাৰই প্ৰমাণ কৰিলে। নিজৰ কৃত কৰ্মৰ বাবেই ৰূপহীহাটৰ পৰা ক্ৰমশ অপ্ৰাসঙ্গিক হৈ পৰা বিধায়ক নুৰুল হুদাৰ বাবেই ভোটাৰৰ বিপৰীতে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচনী সভা স্থলী শুৱনি কৰে যদিও এনে দৰেই দেখা গল খালী চকী বোৰ। উক্ত খেলপথাৰতে এ আই ইউ ডি এফৰ সভাপতি বদৰ উদ্দিনৰ আজমল চাহাবৰ কংগ্ৰেছ মুন্দাবাদ ধ্বনিৰ প্ৰতুত্তৰ দিবলৈও সক্ষম নহল কংগ্ৰেছে ৷ জুৰীয়া জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বাউদা শ্বিৰীন কিছু সময় সেমেনাসেমেনি কৈ থাকি লাজে অপমানে গৃহ মুখী হব লগাত পৰে ৷
জুৰীয়াৰ পৰা পদুম ভূঞা ৷

You May Also Like

More From Author