26.2 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ উদ্যোগত আলোকচিত্ৰৰ কৰ্মশালা

Assamese Newsগুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ উদ্যোগত আলোকচিত্ৰৰ কৰ্মশালা

 

আজি ইং ২১ ডিচেম্বৰ, 2021 তাৰিখে গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ উদ্যোগত আৰু NIKON ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে গীল্ডৰ প্ৰাঙ্গনত আলোকচিত্ৰৰ কৰ্মশালা এখনি অনুষ্ঠিত কৰা হয়।

উক্ত কর্মশালা উদ্বোধন কৰে বিশিষ্ট আলোকচিত্ৰশিল্পী শ্ৰীযুত চাকমল হাজৰিকাদেৱে। উদ্বোধনী সভাখনৰ আগ ধৰে সঞ্জীব গোহাই বৰুৱাদেৱে। সভাত উপস্থিত আছিল গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাস, গীল্ডৰ সভাপতি আমিনুল হক, NIKON ৰ Area Manager Kumar Kishor Kalita। কর্মশালাখনৰ Mentor (সমলবৃত্তি) আছিল কলিকতাৰ নিবাসী আলোকচিত্রশিল্পী S. Maistroi।

দুগৰাকী মডেলক আমন্ত্ৰণ কৰা হৈছিল জ্যোতিস্মিতা কাশ্যপ আৰু ডেইজী দেৱী। মেক-আপ আর্টিষ্ট আছিল মধুস্মিতা. এম. শৰ্মা। কৰ্মশালাখনৰ আগ ধৰে শ্ৰীজনাৰ্দন বৰাদেৱে। গীল্ডৰ সাধাৰণ সম্পাদকে জানিবলৈ দিয়ে যে গীল্ডৰ প্ৰাঙ্গনত আৰু গীল্ডৰ উদ্যোগত এই আলোকচিত্ৰৰ কর্মশালাখন প্রথম প্রচেষ্টা। ইয়াৰ পিছত পৰ্যায়ক্রমে অনুষ্ঠিত কৰি থাকিম। আজিৰ কৰ্মশালাত সৰ্বমুঠ ৫০ জন অংশগ্রহণকাৰী উপস্থিত আছিল।

গুৱাহাটী আৰ্টিষ্টছ গীল্ডত বৰ্তমান নতুনকৈ আলোকচিত্ৰৰ ক্লাছ এটাও আৰম্ভ কৰা হৈছে। যিসকলে ইচ্ছা প্রকাশ কৰে তেখেতসকলে নামভৰ্ত্তি কৰিব পাৰিব। আজৰি কৰ্মশালাখনে সকলো অংশগ্রহণকাৰীক মন জয় কৰিবলৈ সমৰ্থ হয়। শেষত সকলোকে গীল্ডৰ সভাপতি আমিনুল হকে প্রমান পত্ৰ বিতৰণ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!