Google ত বিবাহিতা মহিলাসকলে কি সন্ধান কৰে? আচৰিত হ’ব আপুনিও…

Google ত বিবাহিতা মহিলাসকলে কি সন্ধান কৰে? আচৰিত হ’ব আপুনিও…

সকলো প্ৰশ্নৰ এটাই সমাধান, সেয়া হৈছে গুগল(Google)। সকলো প্ৰশ্নৰেই উত্তৰ যদি কাৰোবাৰ হাতত আছে, তেন্তে সেয়া হ’ল গুগল। সকলোৱে নিজৰ সন্দেহ সমাধানৰ বাবে গুগলৰ সহায় লয়। আপোনাৰ গুগলত কৰা সন্ধানৰ ইতিহাস মচি পেলোৱাৰ বিকল্প আছে যদিও নিশ্চিতভাৱে গুগলত সেয়া কৰবাত নহয় কৰবাত সংৰক্ষণ হয় ৰয়।

শেহতীয়া এক অধ্যয়নত এনে এক কথাই প্ৰকাশ পাইছে। সেয়া হৈছে বিবাহিত মহিলাসকলে গুগলত আটাইতকৈ কি কথা বেছিকৈ সন্ধান কৰে। এই প্ৰশ্নৰ ফলাফলে সকলোকে আচৰিত কৰি তুলিছে। বিবাহিত মহিলাসকলে গুগলত কি সন্ধান কৰে জানিবলৈ পঢ়ক এই প্ৰতিবেদন…

#Googleত নিজৰ স্বামীৰ বিষয়ে এই কথা সন্ধান কৰেঃ

গুগলৰ তথ্য অনুসৰি বিবাহিত মহিলাসকলে আটাইতকৈ বেছি সন্ধান কৰে যে কেনেকৈ তেওঁলোকৰ স্বামীয়ে কি খাই ভাল পায়, কি তেওঁৰ পছন্দ আৰু আৰু কি কি বেয়া পায় সেইটো জানিব বিচাৰে। আনহাতে বিবাহিত মহিলাই কেনেকৈ স্বামীৰ হৃদয় জয় কৰিব পাৰে, কেনেকৈ সুখী কৰিব পাৰে এই প্ৰশ্ন সৰ্বাধিক সোধা দেখা যায়। এটা চাঞ্চল্যকৰ প্ৰকাশ পোহৰলৈ আহিছে যে বিবাহিতা মহিলাসকলে গুগলক সুধিছে যে কেনেকৈ তেওঁলোকৰ স্বামীক নিজৰ হাতৰ মুঠিত ৰাখিব পাৰি? কেনেকৈ তেওঁলোকক ‘জোৰু কা গুলাম’ বনাব পাৰি? ইয়াৰোপৰি পত্নীসকলে জানিব বিচাৰে যে তেওঁলোকে কেতিয়া পৰিয়াল বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’ব লাগে আৰু সন্তান জন্ম দিয়াৰ উপযুক্ত সময় কেতিয়া তাৰ ওপৰতো অনুসন্ধান কৰে।

# বিবাহিতা মহিলাসকলৰ আন কেইটামান বিশেষ প্ৰশ্নঃ

আমি আপোনালোকক কোৱা প্ৰশ্নবোৰৰ বাহিৰেও কিছুমান এনে প্ৰশ্ন আছে যিবোৰ বিবাহিতা মহিলাই বিয়াৰ পিছত গুগলক সোধে। মহিলাসকলে জানিব বিচাৰে যে বিয়াৰ পিছত তেওঁলোকৰ নতুন পৰিয়ালত কেনে আচৰণ কৰিব লাগে, কেনেকৈ সেই পৰিয়ালটোৰ অংশ হ’ব পাৰে, শহুৰেক-শাহুৱেকক পতাব পাৰে ইত্যাদি। ইয়াৰোপৰি ব্যৱসায়, কামৰ সমান্তৰালকৈ কেনেকৈ নিজৰ পৰিয়ালটোক সুন্দৰভাৱে চম্ভালিব লাগে তাৰ ওপৰতো প্ৰশ্ন অনুসন্ধান কৰে বিবাহিতা মহিলাসকলে।

GTM Desk