December 8, 2021

অভিনেত্রী কিম শর্মাৰে ডেটিং লিয়েণ্ডাৰ পেজৰ

ভাৰতত খেলুৱৈ আৰু বলীউডৰ অভিনেত্রীৰ মাজত ‘ডেটিং’ কোনো নতুন কথা নহয়৷ শেহতীয়াভাৱে এই ‘ডেটিং’ তালিকাত নাম অন্তর্ভুক্ত হৈছে দেশৰ তাৰকা টেনিছ খেলুৱৈ ৪৮ বছৰীয়া লিয়েণ্ডাৰ পেজ আৰু বলীউডৰ অভিনেত্রী ৪১ বছৰীয়া কিম শর্মাৰ৷ সম্প্রতি লিয়েণ্ডাৰ পেজ আৰু অভিনেত্রী কিম শর্মাই গোৱাত অৱসৰ বিনোদন কটাই আছে আৰু দুয়োৰে নিবিড় মুহূর্তৰ কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত আপলোড হৈছে৷ ইয়াৰ পূর্বেও যোৱা মাহত লিয়েণ্ডাৰ পেজ আৰু কিম শর্মাই মুম্বাইৰ বান্দ্রাত একেলগ হোৱাৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল৷ দুয়োজনৰ ফটো ইনষ্টাগ্রামত ভাইৰেল হয় আৰু খলকনিৰ সৃষ্টি হয়৷

ইপিনে, গোৱাত লিয়েণ্ডাৰ পেজৰ সৈতে নিবিড় মুহূর্তৰ ফটো কিম শর্মাই নিজৰ ইনষ্টাগ্রামত শ্বেয়াৰ কৰে৷ সাতবাৰ অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰা লিয়েণ্ডাৰ পেজৰ কিম শর্মাৰ পূর্বে বলীউডৰ অভিনেত্রী মহিমা চৌধুৰী আৰু সঞ্জয় দত্তৰ প্রাক্তন পত্নী মডেল ৰিয়া পিল্লাইৰ সৈতেও সম্পর্ক আছিল৷ লিয়েণ্ডাৰ আৰু ৰিয়াৰ এগৰাকী কন্যা সন্তানো আছে৷ আনহাতে, বলীউডৰ অভিনেত্রী কিম শর্মাৰ হর্ষবর্ধন ৰাণে আৰু ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন বাঁওহতীয়া তাৰকা বেটছমেন যুৱৰাজ সিঙৰ সৈতেও সম্পর্ক আছিল৷ উল্লেখ্য যে ২০২০ চনত টেনিছৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্রহণ কৰা লিয়েণ্ডাৰ পেজে ১৯৯৬ চনৰ অলিম্পিকৰ ছিংগলছত ব্রঞ্জ আৰু ২০০৪ চনৰ অলিম্পিকৰ ডাবলছত ৰূপৰ পদক জয় কৰিছিল৷

error: Content is protected !!
%d bloggers like this: