৩১ মে’ৰ পাছত বৃদ্ধি পাবনে লকডাউন ? সবিশেষ জানিবলৈ পঢ়ক
গুৱাহাটী: ৩১ মে’ত অন্ত পৰিব চতুৰ্থ পৰ্যায়ৰ লকডাউন।অহা ৩১ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ আঁনাতাৰ কাৰ্যসূচী ‘মন কী বাট’ত ল’কডাউনৰ পঞ্চমটো পৰ্যায় ঘোষণা কৰিব পাৰে বুলি প্ৰচাৰ চলিছে।৭০ শতাংশ কৰ’না আক্ৰান্ত হোৱা ১১ খন চহৰৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰিব প্ৰধানমন্ত্ৰীয়ে।দিল্লী, মুম্বাই, বাংগালুৰ, থানে, ইন্দ’ৰ, চেন্নাই, আহমদাবাদ, জয়পুৰ, চুৰাট, কলকতা আৰু মুম্বাই আদি চহৰত জুনৰ ১ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া পঞ্চমটো লকডাউনত বিশেষ গুৰুত্ব দিয়া হ’ব।লকডাউন ৪ চাৰিৰ পিছত চেলুন, জিম আদি খোলাৰো অনুমতি দিয়া হ’ব।অৱশ্যে শিক্ষানুষ্ঠান(স্কুল আৰু কলেজ),শ্বপিং ম’ল আৰু চিনেমা হল আদি অহা কিছুদিনলৈ বন্ধ থাকিব।কেন্দ্ৰই ধৰ্মীয় অনুষ্ঠানসমূহ কিছু চৰ্তসাপেক্ষে পুনৰ খোলাৰ অনুমতি দিব পাৰে।নতুন নিৰ্দেশনা শীঘ্ৰেই কেন্দ্ৰ চৰকাৰে জাৰি কৰাৰ সম্ভাৱনা।ইতিমধ্যে এই সম্পৰ্কে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছে।উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰি সন্দৰ্ভত মুখ খুলিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠানত প্ৰচাৰিত এই বাতৰিক মিছা আৰু ভুৱা প্ৰচাৰ বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিছে।
Source: Dainik Janambhumi