শীতকালত সুস্থ হৈ থাকিবলৈ দৈনিক খাব লগা ফলকেইবিধ

শীতকালত সুস্থ হৈ থাকিবলৈ দৈনিক খাব লগা ফলকেইবিধ

এতিয়া যেন ধৰালৈ শীত নামিছে। শীতকাল অহাৰ লগতে মানুহবোৰৰ কাহ, চৰ্দি আৰু জ্বৰ হোৱা দেখা যায়। চিকিৎসকৰ মতে, যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, এই শীতকালত বিভিন্ন ধৰণৰ ৰোগে শৰীৰটোক আক্ৰমণ কৰে। এনে পৰিস্থিতিত, যদি কোনোবাই সুস্থ হৈ থাকিব বিচাৰে তেন্তে কেইবিধমান ফল খায় সুস্থ হৈ  থাকিব পাৰিব।

• শীতকালত খাব লগা ফলকেইবিধ

~ কল

শীতকালত কল খোৱাটো স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা হয়। কল খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। কল খালে ঠাণ্ডাত সকাহ পোৱা যায়।

~ ডালিম

ডালিমত এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াত এণ্টি-অক্সিডেণ্ট অধিক হাৰত পোৱা যায়, ইয়াক খালে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ শৰীৰৰ পৰা আঁতৰ হয়। শীতকালত ডালিমৰ ৰস খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি হয় আৰু শৰীৰটো সুস্থ হৈ থাকে।

~ আপেল

শীতকালত দৈনিক এটাকৈ আপেল খালে বিভিন্ন ৰোগৰ পৰা বাচি থাকিব পাৰি। চিকিৎসা বিশেষজ্ঞসকলৰ মতে, আপেলত এণ্টি-অক্সিডেণ্ট আৰু ফ্লেভোনইড পোৱা যায়। ইয়াক খালে চৰ্দি, ডায়েবেটিচ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগত যথেষ্ট সকাহ পোৱা যায়।

~ কিৱি

শীতকালত বিক্ৰী হোৱা কিৱি ফলত এনে বহুতো পুষ্টি থাকে, যি ভাইৰাছ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ই হৈছে মাইক্ৰ’নিউট্ৰিয়েণ্টেৰে সমৃদ্ধ এক বিশেষ ফল, যি হঠাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। কিৱি স্বাস্থ্য সম্পৰ্কীয় বহুতো সমস্যা আঁতৰ কৰাত কাৰ্যকৰী। ইয়াত পুষ্টি থাকে যি কাহ আৰু চৰ্দিৰ পৰা সকাহ দিয়ে লগতে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

GTM Desk

Related