বীভৎস কামনাঃ বন্ধুৰ সৈতে লগ হৈ পত্নীক ধৰ্ষণ কৰিলে স্বামীয়ে!লোহাৰ দৰ্জাত বান্ধিছিল ভৰি…

1 min read

স্বামী-স্ত্ৰীৰ মাজত অটুট সম্পৰ্কক কলংকিত কৰা এই ঘটনা পোহৰলৈ আহিছে ৰাজস্থানৰ জালোৰ জিলাৰ পৰা। য’ত স্বামীয়ে নিজৰ পত্নীক সহকৰ্মীসকলৰ লগ হৈ দলবদ্ধ ধৰ্ষণ কৰে।

জালোৰ কোটৱালি থানাৰ এগৰাকী মহিলাই তেওঁৰ স্বামী আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে এক ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে।

ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে অলপ আতৰৰ এখন গাৱঁত কাম কৰে। ভুক্তভোগীগৰাকী ৩ টা সন্তানৰ মাতৃ আৰু তেওঁ জালোৰত বাস কৰে। কিন্তু ১২ জানুৱাৰীৰ দিনা ভুক্তভোগীৰ স্বামী ঘৰলৈ আহি তেওঁক মণাদৰ গাঁৱলৈ লগত লৈ গৈছিল।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তাত নি তেওঁক লোহাৰ দৰ্জাত বন্ধা হৈছিল আৰু তেওঁৰ স্বামীৰ লগতে তেওঁৰ সহকৰ্মীসকলে তেওঁৰ সৈতে অপকৰ্ম কৰিছিল।

পাছৰ দিনা মহিলাগৰাকীৰ মাক-দেউতাক তেওঁৰ কাষত উপস্থিত হোৱাৰ পাছতে ঘটনাটোৰ বিষয়ে অৱগত হয়। তাৰপাছতে মহিলাগৰাকীক লগত লৈ আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে ইতিমধ্য়ে জনোৱা মতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সোধাপোছা তথা অভিযান চলি আছে।

You May Also Like

More From Author