24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

বিশ্বত চাঞ্চল্য: চীনত কীট-পতংগৰ বৰষুণ!

Assamese Newsবিশ্বত চাঞ্চল্য: চীনত কীট-পতংগৰ বৰষুণ!

পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে চীন৷ কৰ’না নহয়, এইবাৰ কীট-পতংগৰ বৰষুণক লৈ বাতৰিৰ শিৰোনাম হৈ পৰিছে দেশখন৷ ছ’চিয়েল মিডিয়াত চীনত হোৱা কীট-পতংগৰ বৰষুণৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে৷ য’ত দেখা গৈছে বৰষুণৰ সৈতে জাকে জাকে আকাশৰ পৰা কীট-পতংগ সৰি পৰা দৃশ্য৷ বেইজিঙত সংঘটিত হৈছে এই ঘটনা৷ ভিডিঅ’টোত দেখা গৈছে বৰষুণৰ সৈতে আকাশৰ পৰা সৰি পৰা কীট-পতংগই ঢাকি ধৰা বাট-পথৰ  লগতে পথৰ দাঁতিত ৰাখি থোৱা বাহন আৰু অট্টালিকাৰ ছাদসমূহ৷ শিহৰণকাৰী এই ঘটনাৰ পৰা ৰক্ষা পাবলৈ পথাচাৰীসকলক আনকি ছাতি মেলি লোৱাও দেখা গৈছে ভিডিঅ’টোত৷ পিছে ক’ৰ পৰা এনেদৰে জাকে জাকে কীট-পতংগসমূহ বৰষুণৰ সৈতে নামি আহিছে, সেই বিষয়ে জানিব পৰা হোৱা নাই৷ অৱশ্যে বিজ্ঞানভিত্তিক আলোচনী ‘মাদাৰ নেচাৰ নেটৱৰ্কে’ এই বিষয়ে এক ব্যাখ্যা আগবঢ়াইছে৷ আলোচনীখনৰ মতে জাকে জাকে সৰি পৰা কীট-পতংগসমূহ প্ৰথমতে মাটিৰ তলৰ পৰাই ওলাই আহিছিল৷ পাখি গজি ওলাই অহা  কীট-পতংগসমূহক এটা সময়ত প্ৰৱল বতাহে আকাশলৈ উৰুৱাই নিয়ে৷ আকাশত উৰি থকা পোক-পতংগসমূহ পাছত বৰষুণত তিতি পাখি গধুৰ হৈ পৰাত সৰি পৰিবলৈ ধৰে৷ যি কি নহওক, চীনৰ ৰাজধানী চহৰখনত কীট-পতংগক কেন্দ্ৰ কৰি হঠাতে সৃষ্টি হোৱা এনে আচহুৱা পৰিৱেশক লৈ স্বাভাৱিকতে বেইজিংবাসীৰ মাজত আতংকই বিৰাজ কৰিছে৷ বহুতোৰ মতে কৰ’নাৰ পাছত হঠাৎ কীট-পৰুৱাক লৈ সৃষ্টি হোৱা এই পৰিৱেশ আন এক বিপদৰ আগজাননী নহয়তো?

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!