বজ্ৰপাত, শিলাবৃষ্টি, ধুমুহাৰ সম্ভাৱণা! ‘হালধীয়া’ এলাৰ্ট জাৰি…

বজ্ৰপাত, শিলাবৃষ্টি, ধুমুহাৰ সম্ভাৱণা! ‘হালধীয়া’ এলাৰ্ট জাৰি…

কিছুদিন পূৰ্বে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহ মোকাৰ ফলত দেশৰ বিভিন্ন স্থানত বৰষুণ-ধুমুহা আহিছিল। যাৰবাবে বহু অঞ্চলত যথেষ্ঠ পৰিমাণে ক্ষয়-ক্ষতিও হৈছিল।

ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি ২৪ মে’ত হিমাচল প্ৰদেশত প্ৰচুৰ বৃষ্টিপাত আৰু ধুমুহাৰ সম্ভাৱণা আছে।আজিও ৰাজ্যখনৰ বিভিন্ন ঠাইত বৰষুণ আৰু শিলাবৃষ্টি হয়।

ছিমলা আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত আজিৰ দিনটোত বজ্ৰপাত আৰু বৰষুণৰ সৈতে শিলাবৃষ্টি হৈছিল। যাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্য খনৰ বিভিন্ন অংশত ২৫, ২৬ আৰু ২৭ মে’ত বজ্ৰপাত আৰু বৰষুণৰ বাবে ‘হালধীয়া’ এলাৰ্ট জাৰি কৰিছে।

কৃষকসকলকো এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। যাতে শস্য সমূহ শিলৰ পৰা ৰক্ষা পেলাব বাবে তাৰ বাবে সতৰ্কতা জাৰি কৰিবলৈ আহ্বান জনাইছে।

GTM Desk

Related