ছচিয়েল মিডিয়াত আপোনাৰ সংগীয়ে কৰে নে কি এই ৫টা কাম, সাৱধান হওক!

ছচিয়েল মিডিয়াত আপোনাৰ সংগীয়ে কৰে নে কি এই ৫টা কাম, সাৱধান হওক!
Beautiful girl holding her phone and smiling

কোৰোণা সংক্ৰমণৰ কাৰণে মানুহে বেছিভাগ সময় ঘৰতে কটাব লৈছে আৰু এনেকুৱাত ইণ্টাৰনেট মানুহৰ কাৰণে আশীৰ্বাদ স্বৰূপ স্বস্তি হৈ পৰিছে। অৱশ্যে ছচিয়েল মিডিয়াত কিছু বদভ্যাসৰ কাৰণে সম্পৰ্কত ফাঁট মেলাও দেখা গৈছে। যদি আপোনাৰ অনুমান হৈছে যে আপোনাৰ পাৰ্টনাৰে ছচিয়েল মিডিয়াত এই ৫টা কাম কৰিছে তেনেহ’লে আপুনি সতৰ্ক হোৱা প্ৰয়োজন।

ছচিয়েল মিডিয়াত বহু সময় কটোৱা

নিজৰ সম্পৰ্কৰ বিষয়ে বহু পোষ্ট দিয়া

কেতিয়াবা কেতিয়াবা ভালপোৱা দেখুৱাবলৈ পাৰ্টনাৰৰ সৈতে সম্পৰ্কিত পোষ্ট ছচিয়েল মিডিয়াত দিয়াটো সাধাৰণ কথা। কিন্তু পৰস্পৰৰ কথা প্ৰয়োজনতকৈ অধিক ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাটো ঠিক নহয়। যদি আপোনাৰ পাৰ্টনাৰে সঁচাকৈ আপোনাক গুৰুত্ব দিয়ে তেনেহ’লে আপোনাৰ প্ৰাইভেট জীৱনৰ খেয়াল বেচি কৰিব।

চাৰ্চ চেকশ্যনত অসংখ্য মানুহ

যদি আপোনাৰ পাৰ্টনাৰৰ ওপৰত আপোনাৰ সন্দেহ হৈছে তেনেহ’লে আপুনি তেওঁৰ অনলাইন এক্টিভিটিৰ বিষয়ে জানিববৈ চাৰ্চ ইঞ্জিনৰ বুটামৰ সহায় ল’ব পাৰে। যদি আপোনাৰ পাৰ্টনাৰে আপোনাক ঠগি আছে তেনেহ’লে তেওঁৰ চাৰ্চ চেকশ্যনত অন্য মানুহ ভৰি থাকিব। ইয়াত সেইসকল লোকো থাকিব যিসকলক আপোনাৰ পাৰ্টনাৰে পচন্দ কৰে।

লুকাই–চুৰকৈ নিজৰ প্ৰাক্তনৰ বিষয়ে খবৰ ৰখা

যদি আপোনাৰ পাৰ্টনাৰে নিজৰ প্ৰাক্তনক অনলাইনত অনুসৰণ কৰাৰ বেয়া অভ্যাস লালন পালন কৰি আছে তেনেহ’লে জানিব যে তেওঁ এতিয়াও নিজৰ অতীতৰ পৰা সম্পূৰ্ণকৈ ওলাই আহিব পৰা নাই বা আপোনাক লৈ তেওঁ বিশেষ আগ্ৰহ নাই। দুয়োটা পৰিস্থিতিয়ে আপোনাৰ কাৰণে বেয়া।

নিজৰ প্ৰাক্তনক ঈৰ্ষান্বিত কৰিবলৈ ফটো পোষ্ট কৰা

যদি আপোনাৰ লাগে যে আপোনাৰ পাৰ্টনাৰে ফটো কেৱল নিজৰ প্ৰাক্তনক ঈৰ্ষান্বিত কৰিবলৈ ছচিয়েল মিডিয়াত দিছে তেনেহ’লে এয়া জৰুৰী যে আপুনি এই বিষয়ত তেওঁৰ লগত কথা পাতক।

পৰিস্থিতি বেয়া হোৱাৰ আগতে নিজৰ সংগীক এই কেইটা বদভ্যাসৰ পৰা দূৰৈত ৰাখক।

GTM Desk

Related