ওদালগুৰিৰ আদিবাসী দুই যুৱকে বন বিভাগত নিযুক্তি পোৱাত উৎফুল্লিত নোনাইপাৰা বাসী

ওদালগুৰিৰ আদিবাসী দুই যুৱকে বন বিভাগত নিযুক্তি পোৱাত উৎফুল্লিত নোনাইপাৰা বাসী

টকা নহলে চাকৰি নাই.. এসময়ৰ এই পৰম্পৰাক তলা লগালে বিজেপি নেতৃত্বাধীন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই | চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চৰকাৰখনৰ এক লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ | কঠোৰ পৰিশ্ৰম আৰু কঠোৰ অনুশীলনৰ ফলত হাজাৰ হাজাৰ যুৱক-যুৱতিয়ে লাভ কৰিবলৈ সক্ষম হৈছে একোটাকৈ চৰকাৰী চাকৰি |

সময় তেতিয়া দিনৰ ১১ টা বাজিছিল | ওদালগুৰিৰ নোনাইপাৰা চাহ বাগিচাৰ দুটাকৈ পৰিয়ালৰ দুজন যুৱকৰ পিতৃ-মাতৃ নিয়োজিত হৈ প্ৰখৰ ৰ’দ বাগানৰ চাহপাত চিঙা কামত | সেইসময়তে ঘোষণা কৰা হৈছিল অসম চৰকাৰৰ বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল | নিযুক্তিৰ ফলাফলত উজ্বলি উঠিছিল নোনাইপাৰাৰ দুই যুৱক আভিনিয়ুছ লাক্ৰা আৰু কৃষ্ণা চাওৰা | বন বিভাগৰ কনিষ্টবলৰ পদত তেওঁলোকৰ নিযুক্তি ফলাফল গম পায় আনন্দত আত্মহাৰা হৈ পৰিছিল বাগানত কাম কৰা দুই পিতৃ-মাতৃয়ে | দিনযোৰা কাম কৰি ২৩২ টকা হাজিৰাৰে পৰিয়াল পোহপাল দিয়া বাগিছা অঞ্চলৰ এই পৰিয়ালটোয়ে নিজৰ সন্তানৰ পঢ়াৰ ক্ষেত্ৰত কেতিয়াও অসুবিধাৰ সন্মুখীন হবলৈ দিয়া নাছিল | যি সময়ত এচাম যুৱক-যুৱতিয়ে ফেচবুক, হোৱাটচ’প,ৰীলছত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা যায়, সেইসময়ত এই দুই যুৱকে ৰাতিপূৱা ৪ বজাতে দৌৰিবলৈ যায় | নিজৰ সপোন পূৰণ কৰিবলৈ কৰিছিল কঠোৰ অনুশীলন | তেওঁলোকৰ এই সাফল্যত এতিয়া গৌৰৱান্বিত পিতৃ-মাতৃৰ লগতে নোনাইপাৰা চাহ বাগিচাৰ সকলো লোক | বাগিচাখনৰ পৰা এইবাৰেই প্ৰথমবাৰ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকসকলে জানিবলৈ দিয়ে |

GTM Desk