জুবিন গাৰ্গে মৃত্যুৰ ইংগিত যেন জীয়াই থাকোতেই পাইছিল নেকি?
জুবিন গাৰ্গে মৃত্যুৰ ইংগিত যেন জীয়াই থাকোতেই পাইছিল নেকি?
(এক)
চিৰদিনৰ বাবে আঁতৰি যোৱাৰ মাত্ৰ দুদিন পুৰ্বে ড° ৰীতা চৌধুৰীক দিয়া দীঘলীয়া সাক্ষাৎকাৰত জুবিন গাৰ্গে কৈছিল, সাগৰ এটা dead end. মই সাগৰ দেখিলেই জপিয়াই দিও৷ সাগৰ কিমান গভীৰ তালৈ ভ্ৰুক্ষেপ নকৰো৷ তাৰ পুৰ্বেও তেওঁ ‘সাগৰ তলীত শুবৰে মন’ বুলি গান গাই থৈছিল৷
(দুই)
নিজৰ অন্তিম চিনেমা ‘ৰৈ ৰৈ বিনালে’ এনেকুৱা এজন যুৱকৰ কাহিনী, যি চকুৰে দেখা নাপায়৷ কিন্তু সাগৰখন চুই চাব খোজে৷ বহুদিন ধৰি ভাৱি থকা কাহিনী জীৱনৰ শেষ সময়ত কৰিলে তেওঁ৷ চিনেমাৰ বিষয়: সাগৰ৷ দুৰ্ভাগ্যজনক মৃত্যুৰ স্থানো সাগৰ৷
(তিনি)
‘ৰৈ ৰৈ বিনালে’ৰ টাইটেল গানটোলৈ মন কৰক:
ৰৈ ৰৈ বিনালে
নিশায়ে বিনালে
ৰাতিপুৱাবলে কিমান পৰ
ডাৱৰে ডাৱৰে
এন্ধাৰে সিপাৰে
জেউতি লুকালে অসীমত
নভবা কথাও হঠাতে হয় চাগে
পায়ো হেৰুৱালো
বুজি পোৱাৰ আগতে
ৰৈ ৰৈ বিনালে
নিশায়ে বিনালে
ৰাতিপুৱাব কেতিয়া
মন কৰিব, গীতৰ কথাখিনি কিদৰে মিলি গৈছে৷ শুকুৰবাৰে গধুলি জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ খবৰ আহিল৷ সন্ধিয়ালৈ মৃত্যু নিশ্চিত বুলি খবৰ আহিল৷
তাৰ পিছত তেওঁ গোৱাৰ দৰে, ‘নিশায়ে বিনালে/ৰাতি পুৱাবলে কিমান পৰ!’
সঁচাকৈ নিশাই বিনালে, সমগ্ৰ অসমবাসীয়ে বিনালে৷ ৰৈ ৰৈ বিনালে৷ জুবিন গাৰ্গৰ খবৰ পাবলৈ৷ তেওঁৰ নশ্বৰ দেহ দেখা পাবলৈ৷ সেই দুখৰ ৰাতিটো যেন অসমবাসীৰ সবাতোকৈ দীঘল ৰাতি আছিল৷ বিনাই বিনাই পাৰ কৰিছিল৷
তাৰ পিছত কি গালে?
ডাৱৰে ডাৱৰে/ এন্ধাৰে সিপাৰে/ জেউতি লুকালে অসীমত
জুবিন গাৰ্গ সঁচা অৰ্থত জেউতি আছিল৷ অসীমত লুকাই থাকিল৷
তাৰ পিছত গালে,
নভৱা কথাও হঠাৎ হয় চাগে/
পায়ো হেৰুৱালো/
বুজি পোৱাৰ আগতে/
ৰৈ ৰৈ বিনালে
সঁচাকৈ অসমবাসীয়ে নভৱা কথাটো হঠাৎ হৈ গ’ল৷ আমি বুজি পোৱাৰ আগতে৷ তাৰ পিছত আমি বিনালো৷ অসমে বিনালে৷ ৰৈ ৰৈ বিনালে৷
সাগৰৰ কাহিনীৰ পৰা, তেওঁ নিজমুখে Dead End বুলি কোৱাৰ পৰা ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে, জেউতি লুকালে/
সকলো কথা কিদৰে মিলি গ’ল৷
কোনোবাই তেওঁৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰাৰ ইংগিত পাইছিল নেকি জুবিন গাৰ্গে? নিজৰ সৃষ্টিৰ মাজেদি তেওঁ ইংগিত দিছিল নেকি কিবা?
প্ৰশ্নটো ৰাইজলৈ এৰিলো৷ এয়া আমাৰ মনলৈ অহা ক্ষুদ্ৰ বিশ্লেষণ)
#Copied