ছয়গাঁৱৰ কাৰেকুৰাত পানী খোৱা নাদ(কুৱা)ৰ পৰা হাতী পোৱালি উদ্ধাৰ
গুৱাহাটী, ১৫ মে ‘: দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কাৰেকুৰাত যোৱানিশা এটা বন্যহস্তীৰ জাক বনাঞ্চলৰ পৰা জনঞ্চলৈ বিচৰণ কৰি থকা সময়তে বন্যহস্তীৰ জাকটোৰ মাজৰ পৰা এটা হাতী পোৱালি স্থানীয় লোকৰ বাসগৃহৰ ওচৰত থকা পানী খোৱা নাদ(কুৱা)ত বাগৰি পৰে। তেনে সময়তেই স্থানীয় লোকে বন বিভাগক তাৎক্ষণিক ভাবে খবৰ জনোৱাত কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া দিপন ডেকাৰ লগতে কেবাগৰাকীও বন কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ দুখনকৈ জেচিবিৰে নাদৰ চাৰিওকাষ কাটি কাৰেকুৰা ৰাইজৰ সহযোগত হাতীৰ পোৱালিটো (নাদ)ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আনহাতে পুণৰ সুস্থ ৰূপেৰে হাতীৰ জাকটোৰ সৈতে বনাঞ্চলৈ পঠিয়াই দিয়ে।
অভিজিত কলিতা, গুৱাহাটী