নগাঁৱত ভুৱা কিন্নৰৰ জৰিয়তে ড্ৰাগছ বিক্ৰীৰ অভিযোগ !

নগাঁৱত ভুৱা কিন্নৰৰ জৰিয়তে ড্ৰাগছ বিক্ৰীৰ অভিযোগ !

নগাঁৱত ভুৱা কিন্নৰৰ জৰিয়তে ড্ৰাগছ বিক্ৰীৰ অভিযোগ।

ভুৱা কিন্নৰৰ জৰিয়তে ড্ৰাগছ বিক্ৰীত নাম সাঙোৰ খাইছে চানু নামৰ এজন যুৱকৰ।

নিশা চানু নামৰ যুৱক জনে ভুৱা কিন্নৰৰ জৰিয়তে নগাঁৱৰ বিভিন্ন স্থানত বিক্ৰী কৰি আহিছে ড্ৰাগছ।

সোমবাৰে নগাঁৱত একাংশ কিন্নৰে ভুৱা কিন্নৰক কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক।

ঘটনাটোক কেন্দ্ৰ কৰি নগাঁৱৰ সদৰ থানাৰ ভিতৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।

ভুৱা কিন্নৰৰ চৰ্দাৰ হৈছে ৰজী।

ৰজীৰ নেতৃত্বতেই বহু যুৱকে ভুৱা কিন্নৰ হৈ নগাঁৱত লুট পাট কৰাৰো অভিযোগ।

কৰায়ত্ত কৰা দুই ভুৱা কিন্নৰৰ বিৰুদ্ধে কিন্নৰে নগাঁও সদৰ থানাত দাখিল কৰিছে এজাহাৰ।

ভুৱা দুই কিন্নৰ বৰ্তমান নগাঁৱৰ সদৰ থানাত আবদ্ধ হৈ আছে।

উলেখ্য যে ড্ৰাগছ বিক্ৰীৰ লগত জড়িত থকা চানু ভুৱা কিন্নৰ ৰ’জীৰ প্ৰেমিক বুলি জানিব পৰা গৈছে।

GTM Desk