নগাঁৱৰ সুতাৰ বকুলতলৰ অসম আন্দোলনৰ সক্ৰিয় সদস্যা-সৰবৰহী-ধৰ্মপৰায়ণ মহিলা হেমপ্ৰভা দেৱীৰ পৰলোক

নগাঁৱৰ সুতাৰ বকুলতলৰ অসম আন্দোলনৰ সক্ৰিয় সদস্যা-সৰবৰহী-ধৰ্মপৰায়ণ মহিলা হেমপ্ৰভা দেৱীৰ পৰলোক

নিউজ ব্যুৰ’,নগাঁও,২৮জুলাই:–নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতাৰ বকুলতলৰ নিবাসী তথা সৰবৰহী-ধৰ্মপৰায়ণ মহিলা হেমপ্ৰভা দেৱীৰ কালি বিয়লি প্ৰায় ৪বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯২বছৰ । উল্লেখ্য যে ১৯৩১চনৰ ৮ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা হেমপ্ৰভা দেৱী ঐতিহাসিক অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল ।তেওঁ পুৰণিগুদামৰ পানীগাঁও শিৱ মন্দিৰ আৰু চামগুৰিৰ আঞ্চলিক কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,ব্ৰহ্মচাৰী শিৱ মন্দিৰৰ কাৰ্যনিৰ্বাহক সদস্যা আছিল । তদুপৰি এক অসাধাৰণ স্মৃতিশক্তিৰ অধিকাৰী মহিলাগৰাকীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা প্ৰকাশিত বাতৰি কাকত-আলোচনী আদিত প্ৰকাশিত “শব্দ শৃংখল” অতি শীঘ্ৰে কৰি এক সুনাম অৰ্জন কৰিছিল ।  হেমপ্ৰভা দেৱীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বাসগৃহত আজি পুৱা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি সমবেত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । আজি দুপৰীয়া শোকাকুল পৰিৱেশত মহিলাগৰাকীৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । মৃত্যুৰ সময়ত তেখেতে চাৰিপুত্ৰ-বোৱাৰী,চাৰিগৰাকী জোঁৱাই,তিনিগৰাকী জীয়াৰী, নাতি-নাতিনীসহ ইষ্ট কুটুম্বক এৰি থৈ যায় । তেখেতৰ মৃত্যুত পুৰণিগুদামৰ পানীগাঁও শিৱ মন্দিৰ আৰু চামগুৰিৰ আঞ্চলিক কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,ব্ৰহ্মচাৰী শিৱ মন্দিৰে শোক প্ৰকাশ কৰিছে । মহিলাগৰাকীৰ মৃত্যুত পুৰণিগুদাম-চামগুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে ।

    ঋতু  পৰ্ণ শৰ্মা,নগাঁও

GTM Desk