নৱম ইলোৰা – অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা “নেলীৰ কথা
নৱম ইলোৰা – অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা “নেলীৰ কথা” প্ৰতিযোগিতা শাখালৈ নিৰ্বাচন হৈছে। এই চলচ্চিত্ৰ মহোৎসৱ অহা জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা ৭ জানুৱাৰীলৈ ঔৰাৎগবাদত অনুষ্ঠিত হ’ব। পৰিচালক পাৰ্থজিৎ বৰুৱাই এই সফলতা অলপতে মৃত্যুক সাৱটিলোৱা নেলীৰ কথা”ৰ সংগীত পৰিচালক ডেনিয়েল ইংতি আৰু এই চিনেমাখনতেই অভিনয় কৰা মুকুট চন্দ্ৰ ভূঞাৰ নামত উৎসৰ্গা কৰিছে। ডিচেম্বৰ ৮ তাৰিখে সমগ্ৰ অসমতে মুক্তি পাবলগীয়া এই চিনেমাখনে ইতিমধ্যে গ্ৰীচৰ ৬৪তম থেছালনিকী আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগলৈ আমন্ত্ৰণ লাভ কৰিছে।নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে “নেলীৰ কথা” চিনেমাখন নিৰ্মাণ কৰিছে।