অসম আৰক্ষীত নোহোৱা নোপোজা ঘটনা, ৩মাহে সন্ধান নাই এজন আৰক্ষী জোৱানৰ

অসম আৰক্ষীত নোহোৱা নোপোজা ঘটনা, ৩মাহে সন্ধান নাই এজন আৰক্ষী জোৱানৰ

জনহিত জনসেৱাৰ্থে অসম আৰক্ষী। অসম আৰক্ষীৰ সংঘটিত হৈছে এটাৰ পিছত আন এটা নোহোৱা নোপোজা ঘটনা! এইবাৰ অসম আৰক্ষীত আন চাঞ্চল্যকৰ ঘটনা। অপৰাধী নহয় এইবাৰ অসম আৰক্ষীত নিৰুদ্দিষ্ট জোৱান। তিনিমাহে সন্ধানহীন আৰক্ষী জোৱানজনৰ নাম সবিন নাথ। নগাঁৱস্থিত নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীত কৰ্মৰত আছিল সবিন নাথ।

২০২৩ বৰ্ষৰ ২৮ অক্টোবৰতে মিজোৰামলৈ গৈছিল আৰক্ষী জোৱান সবিন নাথ। নিৰ্বাচনৰ দায়িত্বত অসম আৰক্ষীৰ জোৱান সবিন নাথক প্ৰেৰণ কৰিছিল মিজোৰামলৈ। কিন্তু তেতিয়াৰে পৰা ঘৰৰ সৈতে কোনো ধৰণৰ যোগযোগ নাই আৰক্ষী জোৱান সবিন নাথৰ। সন্ধানহীন আৰক্ষী জোৱানজনৰ ঘৰ নগাঁৱৰ চামগুৰিত।

জোৱান সমিন নাথৰ সন্ধান নোপোৱাত অসহায় হৈ পৰিছে জোৱানজনৰ পত্নী-মাতৃ। আৰক্ষী বিষয়াৰ সহায় ভিক্ষা কৰি কোনোধৰণৰ সুফল লাভ কৰা নাই পৰিয়ালটোয়ে। কোনো আৰক্ষী বিষয়াই এতিয়ালৈ সুদত্তৰ দিয়া নাই পৰিয়ালটোক। আনহাতে ডিচেম্বৰৰ পৰা দৰমহা বন্ধ কৰি দিলে সবিন নাথৰ।

উপায়হীন হৈ DGPক সাক্ষাতৰ বাবে আহিল পৰিয়ালটো। কিন্তু DGP কাৰ্যালয়ৰ কোনো বিষয়াই সাক্ষাৎ নিদিলে সমীন নাথৰ অসহায় পত্নী আৰু মাতৃক।

GTM Desk