আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা বাবা বিশ্বকৰ্মাৰ পূজা–অৰ্চনাত ব্যস্ত ভক্তসকল। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। প্ৰতিটো অনুষ্ঠান–প্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা।
উত্তৰ–পূৰ্বাঞ্চলৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ মহানগৰীৰ কামাখ্যা গেটস্থিত শ্ৰীশ্ৰী বিশ্বকৰ্মা মন্দিৰতো আৰম্ভ হৈছে পূজা–অৰ্চনা। পুৱাৰে পৰা গুৱাহাটীৰ লগতে অন্য বিভিন্ন ঠাইৰ লোকে ভিৰ কৰিছেহি বিশ্বকৰ্মাৰ মন্দিৰটোত।
উল্লেখযোগ্য যে, ১৯৬৩ চনতেই ভৱকান্ত শৰ্মাই স্থাপন কৰিছিল এই মন্দিৰটো। তেতিয়াৰে প্ৰতি বছৰেই বিশ্বকৰ্মা পূজাৰ দিনা হাজাৰ হাজাৰ ভক্তৰ লানি নিছিগা সোঁত বয় এই মন্দিৰটোলৈ। আজি পুৱাৰে পৰা বিশ্বকৰ্মা মন্দিৰত দেখা গৈছে ভক্তৰ লানি।
বিশ্বকৰ্মা পূজাৰ দিনা কাৰিকৰ আৰু শিল্পীসকলে তেওঁলোকে ব্যৱহাৰ কৰা সা–সৰঞ্জাম ভগৱান বিশ্বকৰ্মাৰ শ্ৰীচৰণত আগবঢ়ায়। আগন্তুক বছৰটো যাতে সমৃদ্ধিশালী হয় তাৰ বাবে বাবা বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি ৰীতি–নীতি অনুসৰি পূজা–অৰ্চনা কৰা হয়। এই দিনটোত পুৱাই সকলোৱে নিজৰ গাড়ী–মটৰ, মেচিন, হাতুৰী–বতালীকে ধৰি কাৰিকৰী যন্ত্ৰ–পাতি পৰিষ্কাৰ কৰে। কেৱল যে কাৰিকৰ আৰু শিল্পীসকলেহে এই পূজা কৰে তেনে নহয়, সকলোৱে পালন কৰে বিশ্বকৰ্মা পূজা।
ভগৱান বিশ্বকৰ্মাক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। তেওঁক বিশ্ব খনিকৰ বুলি কোৱা হয়। বিশ্বকৰ্মাক মৰ্ত্যৰে নহয়, দেৱতাসকলৰো শিল্পী বুলি বিশ্বাস কৰা হয়। ভাদ মাহৰ সংক্ৰান্তিত পালন কৰা হয় এই বিশ্বকৰ্মা পূজা।
আজি পূৱাৰে পৰা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। বিশ্ব ব্ৰহ্মাণ্ডৰ নিৰ্মাণ কৰোতা ভগৱান বিশ্বকৰ্মাৰ আশিস বিচাৰি তেওঁৰ শৰণাপন্ন হৈছে ভক্তসকল।
উল্লেখযোগ্য যে প্ৰতিবছৰে ১৭ ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা পালন কৰা হয়। কিন্তু এইবাৰ বিশ্বকৰ্মা পূজা এদিন পলম হৈছে। ১৭ ছেপ্টেম্বৰৰ পৰিৱৰ্তে এইবাৰ ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছে বিশ্বকৰ্মা পূজা। এইবাৰ জেঠ মাহত দিনৰ সংখ্যা আছিল ৩২টা। ফলত ভাদ সংক্ৰান্তিত এদিন পলম হৈছে। সেইবাবেই ১৭ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৮ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰা হৈছে।