২০ জুলাইলৈকে মই জীয়াই থাকিব লাগিব, বিফল হ’লে ভূত হৈ হ’লেও মই ঘূৰি আহিম: ৱাংচুক
‘মোৰ একো নহয়, মোক কোনেও খাবলৈ জোৰ নকৰিব ৷ ২০ জুলাইলৈকে মই জীয়াই থাকিব লাগিব, বিফল হ’লে ভূত হৈ হ’লেও মই ঘূৰি আহিম ! আহক আমি সকলোৱে ২০ জুলাইৰ দিনা শান্তিপূৰ্ণভাৱে সংসদ অভিমুখে যাত্ৰা কৰো ৷’’ দুৰ্বল আৰু ভাগৰুৱা দেহাৰে আৱেগিক হৈ এই মন্তব্য কৰে সমাজকৰ্মী, বিজ্ঞানী তথা শিক্ষাবিদ সোণম ৱাংচুকে ৷
আজি শুকুৰবাৰ, ১৭ জুলাই ৷ ২৮ জুনৰ পৰা সোণম ৱাংচুকৱে কৰা আমৰণ অনশনে ২০ দিনত ভৰি দিলে ৷ জানিব পৰা মতে, ক্ৰমাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ ১৭ জুলাইৰ পুৱা চিকিৎসকলে কৰা স্বাস্থ্য পৰীক্ষাত তেওঁৰ ওজন ৯ কিলোগ্ৰামতকৈও অধিক হ্ৰাস পাইছে ৷ যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট জটিল হৈ পৰিছে ৷
আনহাতে, ৰাষ্ট্ৰীয় ৰাজধানীৰ দিল্লীৰ যন্তৰ-মন্তৰত ক’কৰোচ্ছ জনতা পাৰ্টীৰ শান্তিপূৰ্ণ প্ৰতিবাদে শুকুৰবাৰে ২৮ টা দিনত প্ৰৱেশ কৰে । দেশৰ শিক্ষা ব্যৱস্থাৰ সৰ্বাংগীন সংস্কাৰ, প্ৰশ্নকাকত ফাদিল, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ক’কৰোচ্ছ জনতা পাৰ্টীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে । ক’কৰোচ্ছ জনতা পাৰ্টীৰ এই প্ৰতিবাদত সোণম ৱাংচুকেও অংশ লয় ৷