38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

গুৱাহাটীৰ ট্ৰেফিক জাম ভয়ংকৰ : অভিনেত্ৰী প্ৰীতি জিণ্টা

Assamese Newsগুৱাহাটীৰ ট্ৰেফিক জাম ভয়ংকৰ : অভিনেত্ৰী প্ৰীতি জিণ্টা

বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টাই শেহতীয়াকৈ গুৱাহাটীত কামাখ্যা মন্দিৰ দৰ্শন কৰে। বিগত ৫ এপ্ৰিলত আইপিএলৰ নিজ দল পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ খেলখন চাবলৈকো বৰষাপাৰা ষ্টেডিয়ামত গৈছিল। পঞ্জাৱ কিংছৰ এগৰাকী স্বত্বাধিকাৰী হিচাপে নিজৰ দলটোক উৎসাহ দিবলৈ অসমলৈ অহাৰ লগতে খেলখন উপভোগ কৰে। তেওঁ খেলখনৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰে আৰু ইয়াৰ এটা ভিডিঅ’টো সামাজিক মাধ্যম টুইটাৰত পোষ্ট কৰে।

উল্লেখনীয় যে, প্ৰীতি জিণ্টাৰ টুইটটোত এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে গুৱাহাটীৰ ট্ৰেফিক জাম সম্পৰ্কে তেওঁক এটা ৰিপ্লাই কৰে যে, ‘‘আশা কৰোঁ আপুনি ট্ৰেফিক জাম উপভোগ কৰিছে।’’ এই মন্তব্যত প্ৰীতি জিণ্টাই ৰিপ্লাই কৰি গুৱাহাটীৰ জাম ভয়ংকৰ বুলি উল্লেখ কৰিলে। লগতে তেওঁৰ সেই দিনটো ট্ৰেফিক জামত আবদ্ধ হোৱাৰ নিজৰ অভিজ্ঞতাও ব্যক্ত কৰে।

প্ৰীতি জিণ্টাই ৰিপ্লাইত লিখে, ‘‘ট্ৰেফিক জাম ভয়ংকৰ আছিল, মন্দিৰলৈ যাওতে আমাক ২ ঘণ্টা সময় লগাৰ লগতে উভতি আহোতে পুনৰ ২ ঘন্টা আৰু খেলৰ বাবে ষ্টেডিয়ামলৈ যাওতে আৰু এঘণ্টা সময় লৈছিল। মই আধা খেল পোৱা নাছিলো কিন্তু কোনো আপত্তি নাই। মই মন্দিৰৰ বাবে ভ্ৰমণ কৰিছিলো। খেলখন আনুষংগিক আছিল।’’

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!